নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত সমন্বয়ৰ নিদৰ্শন : দেউৰী ভাষাৰ ৰাসত মুগ্ধ দৰ্শক

অসমীয়া সংস্কৃতিৰ পথাৰখন জিপাল কৰি ৰখাত জনজাতীয় সমাজে এক প্ৰবল ভূমিকা পালন কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি মাজুলীত সম্প্ৰতিৰে উদযাপন কৰি অহা হৈছে আধ্যাত্মিক ৰাস উৎসৱ।

মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ ৰাসোৎসৱক লৈ সমগ্ৰ মাজুলীতে এক উচৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগনন লোকে উপভোগ কৰিছে শ্ৰীশ্ৰীকৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলা।

উল্লেখ্য যে জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ বিভিন্ন সত্ৰনামঘৰৰংগমঞ্চসমূহত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি লক্ষী পূৰ্ণিমাতে শৰাই নৈবেদ্য আগবঢ়াই নাটক মেলা পৰ্ব আৰম্ভ কৰি শিশুৰ পৰা বৃদ্ধলৈকে জড়িত হৈ পৰে ৰাসৰ আখৰাত।

সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ সত্ৰনামঘৰৰ লগতে এইবাৰ ৬৭ টা ৰংগমঞ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে৷ সত্ৰপীঠ মাজুলীত প্ৰথমবাৰৰ বাবে উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চই সম্পুৰ্ণ দেউৰী ভাষাত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে৷বিশেষকৈ জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰ এনাজৰীৰ বান্ধোনেৰে সন্মিলিত প্ৰচেষ্টাত উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চ ৰাস কমিটিয়ে এইবছৰ প্ৰথম দিনা দেউৰী ভাষাত অনুষ্ঠিত কৰা শ্ৰীশ্ৰীকৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলাই হাজাৰ হাজাৰ দৰ্শকক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

দেউৰী ভাষাত ৰাস প্ৰদৰ্শন কৰাত জনগোষ্ঠী টোৰ লোকসকলৰ মাজত উচাহ পৰিলক্ষিত হৈছে। এইবাৰ দেউৰী ভাষাৰ ৰাসত নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰে সত্যেন্দ্ৰ দেউৰী, লক্ষীৰ চৰিত্ৰত পল্লৱী দেউৰী, ব্ৰহ্মা অমৃত দেউৰী, ৰূদ্ৰ টুটু দেউৰী,  ধৰিত্ৰী অনামিকা দেউৰী, নাৰদ অম্লান কলিতা, মহামায়া মাজনী দেউৰী, কংসৰ চৰিত্ৰত মলিন দেউৰী, কালকেতু মন দেৱউৰী, বসুদেৱ নৱজ্যোতি দেউৰী, দৈৱকীৰ চৰিত্ৰত চুমী দেউৰী, উগ্ৰসেন প্ৰবিন দেউৰী, বকাসুৰ ৰাচিয়ান দেউৰী, অঘাসুৰ জিতুল দেউৰী, পল্লম্বাসুৰ ৰাকেশ দেউৰী, ধেনুকাসুৰ হৰি দেউৰী, নিদ্ৰাদেৱী শিখামণি দেউৰী, প্ৰিয়ংকা দেউৰী, নন্দৰ চৰিত্ৰত প্ৰবিন দেউৰী, যশোদা চৰিত্ৰত অনামিকা দেউৰীয়ে অভিনয় কৰে

উল্লেখ্য যে পৰম্পৰা আৰু ঐতিহ্য অটুত ৰাখি একতাৰ এনাজৰীৰে প্ৰতি বছৰে পালন কৰি অহা ৰাসোৎসৱে মাজুলীক বিশ্ববাসীৰ ওচৰত কেৱল চিনাকী কৰাই দিয়াই নহয় প্ৰেম-ভাতৃত্ববোধৰ এক সুকীয়া মাত্ৰাও প্ৰদান কৰি আহিছে।

নিয়মীয়া বাৰ্তানতুন বজাৰ, ৫ নৱেম্বৰঃ

You might also like