নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশলংঘী ষ্টেডিয়ামত ৪৬,০০০ আসন, স্কাই ষ্টেডিয়ামত ২০৩৪ চনৰ ফিফা বিশ্বকাপ!

এই অভিনৱ ষ্টেডিয়াম নির্মাণৰ বাবে প্রায় ১ বিলিয়ন ডলাৰ খৰচ হ’ব৷ ষ্টেডিয়ামখনৰ আকৃতি বাতিৰ দৰে হ’ব, যাৰ ফলত দর্শকে খেলৰ প্রতিটো মুহূর্ত সমানে উপভোগ কৰিব পাৰিব

২০৩৪ চনত ফিফা বিশ্বকাপ ফুটবল মেচ মাটিত নহয়, আকাশত অনুষ্ঠিত হ’ব… ভাসমান ষ্টেডিয়াম৷ ছৌদি আৰবে ২০৩৪ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ বাবে এক নতুন প্রকল্পৰ পৰিকল্পনা কৰিছে৷ ভৱিষ্যতত নগৰ পৰিকল্পনা নি’ম প্রজেক্টৰ অংশ হিচাপে বিশ্বৰ প্রথমখন স্কাই ষ্টেডিয়াম নির্মাণ হ’ব মৰুভূমিৰ পৰা ৩৫০ মিটাৰ ওপৰত৷

এই আকাশলংঘী ষ্টেডিয়ামত প্রায় ৪৬ হাজাৰ দর্শকৰ বাবে আসন থাকিব৷ ইয়াক নি’মৰ বহু প্রচাৰিত স্থাপত্য প্রকল্প দ্য লাইনৰ ভিতৰত আইনাৰে আবৃত্ত আকাশচুম্বী টাৱাৰৰ ভিতৰত স্থাপন কৰা হ’ব৷ ছৌদি কর্তৃপক্ষই দাবী কৰিছে যে তীব্রবেগী লিফট আৰু স্বায়ত্তশাসিত পডৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ষ্টেডিয়ামলৈ যাব পাৰিব৷ সমগ্র গাঁথনিটো নবীকৰণযোগ্য শক্তিৰ দ্বাৰা চালিত হ’ব৷

এই অভিনৱ ষ্টেডিয়াম নির্মাণৰ বাবে প্রায় ১ বিলিয়ন ডলাৰ খৰচ হ’ব৷ ষ্টেডিয়ামখনৰ আকৃতি বাতিৰ দৰে হ’ব, যাৰ ফলত দর্শকে খেলৰ প্রতিটো মুহূর্ত সমানে উপভোগ কৰিব পাৰিব৷ ইয়াত শব্দ ধ্বনি প্রযুক্তি ব্যৱহাৰ কৰা হ’ব আৰু বাহিৰৰ দেৱাল সম্পূর্ণৰূপে কাচ আৰু এলইডি লাইটিঙেৰে মেৰিয়াই লোৱা হ’ব৷ প্রকল্পটোৰ কেন্দ্রীয় ধাৰণাটো হ’ল ভৱিষ্যতৰ নগৰায়ন৷ এইবাৰ ইয়াত ক্রীড়াৰ নতুন প্রতীক সংযোজন কৰা হৈছে৷

বিশ্বকাপ আয়োজন কৰি ৰিয়াধে নিজৰ আধুনিকতা আৰু প্রযুক্তিগত দক্ষতাৰ বার্তা বিয়পাই দিব বিচাৰিছে৷ অৱশ্যে প্রশ্নও উত্থাপন হৈছে৷ কাৰণ কাম এতিয়াও প্রাৰম্ভিক পর্যায়ত আছে৷ আকাশত ওলমি থকা ষ্টেডিয়াম নির্মাণ কৰাটো কিমান বাস্তৱসন্মত সেই বিষয়েও বিশেষজ্ঞসকলৰ সন্দেহ আছে৷

২০৩২ চনৰ ভিতৰত এই ষ্টেডিয়াম নির্মাণৰ কাম সম্পূর্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ফিফা বিশ্বকাপৰ বাবে আঠখন নতুন ষ্টেডিয়ামৰ বাবে প্রায় ২০ বিলিয়ন ডলাৰ ব্যয় হ’ব৷ স্কাই ষ্টেডিয়ামৰ উপৰি ৰিয়াধ, জেড্ডা, আলখোৱাৰ, আভাকে ধৰি পাঁচখন চহৰৰ ৮খন নতুন ষ্টেডিয়াম নির্মাণ কৰা হ’ব৷ এই ষ্টেডিয়ামসমূহকে ধৰি মুঠ ১৫টা স্থানত ২০৩৪ চনৰ ফিফা বিশ্বকাপ ফুটবল অনুষ্ঠিত হ’ব৷

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like