নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰাস মহোৎসৱত অসম গ্ৰন্থমেলা উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ

নিয়মীয়া বাৰ্তা, নলবাৰী, ৬ নৱেম্বৰ : ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা উদ্বোধন কৰা হয়। শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ বাকৰিত অনুষ্ঠিত কৰা গ্ৰন্থমেলাখন উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

গ্ৰন্থমেলাখন উদ্বোধন কৰি মন্ত্ৰী পেগুৱে কয়- ৰাসৰ মূল উপাদান চাৰিটা- ঐশ্বৰিক প্ৰেম, শক্তি, সংস্কৃতি আৰু প্ৰজ্ঞা। ইয়াৰে প্ৰজ্ঞাৰ সৈতে জড়িত গ্ৰন্থমেলা। জ্ঞানৰ বাবে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন। জ্ঞানৰ সৈতে গ্ৰন্থ জড়িত হৈ আছে। শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰ কয়- সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ গ্ৰন্থ কিনিব লাগিব। চৰকাৰে গ্ৰন্থ ক্ৰয় কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক নৱেম্বৰ মাহত এহেজাৰকৈ অতিৰিক্ত বানচ দিব।

উদ্বোধনী ভাষণত মন্ত্ৰী ডাঃ পেগুৱে ৰাস উৎসৱৰ বিষয়ে তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। গ্ৰন্থমেলা উপ-সমিতিৰ সভাপতি ড° সঞ্জীৱ কুমাৰ গোস্বামীয়ে পৰিচালনা কৰা উদ্বোধনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ অপূৰ্ব শইকীয়া। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। গ্ৰন্থমেলাত অসমৰ বিভিন্ন ঠাইৰ পৰা এতিয়ালৈ ১৫খন বিপণী আহিছে আৰু বিভিন্ন মূল্যৱান গ্ৰন্থ উলিয়াই দিছে বুলি গ্ৰন্থমেলা সমিতিৰ সম্পাদক ড° সুশান্ত কুমাৰ কাশ্যপে জানিবলৈ দিছে।

উল্লেখ্য যে নলবাৰী ৰাস মহোৎসৱৰ দ্বিতীয় দিনটোত উদ্বোধন কৰা গ্ৰন্থমেলাত যথেষ্ট গ্ৰন্থপ্ৰেমী উপস্থিত থাকে।

You might also like