নলবাৰীৰ পৰা গুৱাহাটীলৈ গ্ৰীন বাছ সেৱাৰ শুভাৰম্ভ
আজিৰ দিনটোত নলবাৰীৰ পৰা গুৱাহাটীলৈ আৰম্ভ হ’ল পৰিৱেশবান্ধৱ গ্ৰীন বাছ সেৱা।
এই নতুন সেৱা উদ্বোধন কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে, উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচনটোও উদ্বোধন কৰা হয়।
এই শীত-তাপ নিয়ন্ত্ৰিত গ্ৰীন বাছ সেৱা গুৱাহাটী আৰু নলবাৰীৰ জনগণৰ যাতায়াতৰ অভিজ্ঞতাক অধিক আরামদায়ক আৰু পৰিৱেশ-বান্ধৱ কৰিব বুলি আশা প্ৰকাশ কৰে সকলোৱে।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ