ডবকাত জুবিন প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য অভিনেতা ৰবি শৰ্মাৰ
আমাৰ লক্ষ্য ‘JusticeforZubeenGarg’ আৰু সেই যাত্ৰা আগলৈও চলি থাকিব
আজিৰ দিনটোত ডবকাৰ মোগল গাৰ্ডেনত সপৰিয়ালে উপস্থিত হৈ জুবিন গাৰ্গ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে খ্যাতনামা অভিনেতা ৰবি শৰ্মাই।
ৰবি শৰ্মাই কয়— “আমি ধৈৰ্যৰে বাট চাই আছো। ন্যায় প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়ে সেইটোতো আমি দৃষ্টি ৰাখিম। আমাৰ লক্ষ্য ‘JusticeforZubeenGarg’ আৰু সেই যাত্ৰা আগলৈও চলি থাকিব।”
ইপিনে, জুবিন ক্ষেত্ৰ সম্পৰ্কেও মন্তব্য কৰি ৰবি শৰ্মাই স্পষ্টভাৱে কয়— “জুবিন ক্ষেত্ৰ পিকনিকস্থলী হোৱাটো মই একেবাৰে নিবিচাৰো।”
ইয়াৰ লগতে ৰবি শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শ আৰু অসমীয়াৰ একতাক আগবঢ়াবলৈ সকলোৰে সহায়ৰ আহ্বান জনায়।
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ