বৰাহী চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ
বাঘটোৱে শ্ৰমিকসকলৰ কেইবাটাও গৰু, ছাগলীকে আদি কৰি অন্যান্য পশুধন ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছিল
সোণাৰিৰ কাষৰীয়া বৰাহী চাহ বাগিচাত আজি পুৱতিনিশা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিগত কিছুদিন ধৰি বাগিচাখনত বিচৰণ কৰি থকা বাঘটোৱে শ্ৰমিকসকলৰ কেইবাটাও গৰু, ছাগলীকে আদি কৰি অন্যান্য পশুধন ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছিল।
আজি পুৱতিনিশা সোণাৰি আঞ্চলিক বন বিভাগৰ তাৰফৰ বাগিচাখনত স্থাপন কৰা পিঞ্জৰাত বন্দী হয় বাঘটো। ইতিমধ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।
ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ