নিয়মীয়া বাৰ্তা, শিলচৰ, ৯ নৱেম্বৰ : কাছাৰ জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ফলত আৰক্ষীয়ে সঘনাই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বাহিৰৰ পৰা কাছাৰ জিলালৈ যাতে কোনোধৰণৰ ড্ৰাগছ সৰবৰাহ নহয়, তাৰ বাবে কাছাৰ আৰক্ষীয়ে দিনে-নিশাই অভিযান চলাই আহিছে।
বিশেষকৈ মণিপুৰৰ পৰা মিজোৰামলৈ আৰু মিজোৰামৰ পৰা লাইলাপুৰ আৰু আন্তঃৰাজ্যিক সীমান্তৰ অন্যান্য অঞ্চলত অবৈধ ড্ৰাগছ সৰবৰাহৰ চেষ্টা অহৰহ চলি আছে। কিন্তু অসমৰ কাছাৰ জিলাত প্ৰৱেশ কৰাৰ সময়ত প্ৰায়ে কাছাৰ আৰক্ষীৰ হাতত ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰী। কালি কাছাৰ আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত ৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ৩জন সৰবৰাহকাৰীক আটক কৰে। শিলচৰত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে।
তেওঁ কয় যে মণিপুৰৰ পৰা মিজোৰাম হৈ শিলচৰ অভিমুখে আহি থকা এখন বগা ৰঙৰ বলেৰ’ পিকআপ ট্ৰাক লাইলাপুৰত আটক কৰি বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। ধলাই থানাৰ লাইলাপুৰ আৰক্ষী চেকপোষ্টত কাছাৰ আৰক্ষীয়ে আটক কৰে গাড়ীখন। গাড়ীখনৰ ছিটৰ ভিতৰত তালাচীৰ সময়ত আৰক্ষীয়ে মুঠ ৯৪টা প্লাষ্টিকৰ চাবোনৰ বাকচ উদ্ধাৰ কৰে। এই বাকচৰ পৰা আৰক্ষীয়ে ১১৭৮.১৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ৩ সৰবৰাহকাৰীক জিম্মাত লৈ যায়। তদুপৰি আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩টা মোবাইল হেণ্ডছেট আৰু এখন বলেৰো পিকআপ গাড়ী জব্দ কৰে। ধৃত আটাইকেইজন মণিপুৰৰ বাসিন্দা। তেওঁলোক হ’ল বেইলহিং কুকি, কিমনাইলহাই ডংগেল আৰু হেনখোলুন ডংগেল। তিনিওজনেই মণিপুৰৰ টামেংলং জিলাৰ গুলাৰথাল থানা এলেকাৰ বাসিন্দা।