বিক্রী হ’ব ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু…
নিউজ ডেস্ক, ৯ নৱেম্বৰ : সুদীর্ঘ ১৮ বছৰৰ প্রতীক্ষাৰ অন্তত প্রথমবাৰ আইপিএল ট্রফীৰ সোৱাদ এইবাৰেই লাভ কৰিছিল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ অথচ এই দলটোৰেই সলনি হ’বলৈ আগবাঢ়িছে মালিকী স্বত্ব৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অতি সোনকালে বিক্রী হ’ব আৰচিবি৷ এয়াই নহয়, ইউনাইটেড স্প’ৰ্টছ লিমিটেডৰ মালিকানাধীন ইংলেণ্ডৰ সংস্থা ডিয়াজিঅ’ই দলটো বিক্রী কৰিব বিচাৰিছে৷ তেওঁলোকৰ আশা- ৩১ মার্চৰ ভিতৰত নতুন মালিক পক্ষ চূড়ান্ত হ’ব৷ আৰচিবি ক্রয় কৰাৰ দৌৰত আছে কেইবাগৰাকী উদ্যোগপতি৷ আইপিএলৰ ফাইনেলৰ সময়ৰ পৰাই দলটো বিক্রী হোৱাৰ গুঞ্জন আৰম্ভ হৈছিল৷ ইউনাইটেড স্প’টর্ছ তৰফৰ পৰা জনাইছে যে সংস্থাটোৰ লাভৰ ৮.৩ শতাংশ আহে পুৰুষ আৰু মহিলাৰ দুটা ক্রিকেট দলৰ পৰা৷ সহজ কথা তেওঁলোকৰ বাবে এতিয়া অপৰিহার্য নহয় আৰচিবি৷
বিৰাট কোহলি, স্মৃতি মান্ধানাহঁতৰ দলটো কিনাৰ দৌৰত থকা উদ্যোগপতিসকলৰ ভিতৰত আছে নিখিল কামাথ, ৰঞ্জন পাই আৰু আদৰ পুনাৱালা৷ নিখিল কামাথ জিৰোধাৰ অন্যতম প্রতিষ্ঠাতা৷ আনহাতে, ৰঞ্জন পাই মণিপাল গোষ্ঠীৰ অধ্যক্ষ৷ অৱশ্যে সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁলোকৰ পক্ষে অকলে আৰচিবি ক্রয় কৰা সম্ভৱ নহয়৷ সেইবাবে চেৰাম ইনষ্টিটিউটৰ অধ্যক্ষ পুনাৱালাৰ সৈতে মিলিত হৈ তেওঁলোকে দলটো ক্রয় কৰিব পাৰে৷