বিশেষ বার্তা, নাহৰকটীয়া, ১০ নৱেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এক জনকল্যাণমূলক পদক্ষেপস্বৰূপে খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে “খাদ্য সুৰক্ষা দিন”ৰ অধীনত নতুন ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী মচুৰ দাইল, চেনি, নিমখ বিতৰণৰ কাৰ্যসূচীৰ নাহৰকটীয়াত আজি শুভাৰম্ভ কৰে।
বিধায়ক তৰংগ গগৈয়ে নিগাম পঞ্চায়তৰ ২নং বৰখেৰেমীয়াৰ ৫নং ৱাৰ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰাৰ লগতে উপভোক্তাসকলক সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কৰে । নাহৰকটীয়া সমজিলাৰ আয়ুক্ত বিৰাজ বৰুৱা উপস্থিত থকা তথা প্ৰায় শতাধিক উপভোক্তাক এই সামগ্ৰীসমূহ বিতৰণ কৰা অনুষ্ঠানটোত বক্তব্য ৰাখি বিধায়কগৰাকীয়ে ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে আৰু ৰাজ্যবাসীৰ সকলো হিতৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰি আজি আৰম্ভ হোৱা এই আঁচনিয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব বুলি আশা প্ৰকাশ কৰে।