নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰৰ বাইপাছত ৬ কোটি টকাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, শিলচৰ, ১০ নৱেম্বৰ : কাছাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে সঘনে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। এইবাৰ শিলচৰৰ চেংকুৰি বাইপাছত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু অসম ৰাইফলছে ।

সোমবাৰে শিলচৰত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে এখন সংবাদ মেলত এই কথা সদৰী কৰি কয় যে কালি বিয়লি ২.৩০ বজাত শ্ৰীকোনাৰ ৩৮নং বিএন অসম ৰাইফলছৰ সৈতে শিলচৰ আৰক্ষীয়ে চেংকুৰি বাইপাছত অভিযান চলাই ৰাহুল আমিন (৩৩) নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ শিলচৰ পঞ্চায়ত ৰোডত। তেওঁৰ পৰা ২০হাজাৰ য়াবা টেবলেট আৰু এটা মোবাইল হেণ্ডছেট জব্দ কৰে আৰক্ষীয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰত য়াবা টেবলেটখিনিৰ মূল্য ৬ কোটি টকা হ’ব। সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত তেওঁৰ হাতত থকা সামগ্ৰীসমূহ জব্দ কৰা হয়। তদুপৰি অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি শিলচৰ সদৰ থানালৈ লৈ অহা হয় বুলি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়ে।

You might also like