কোনো গুৰুত্বপূৰ্ণ বিষয়ে স্থান নাপালে বিৰোধী ঐক্যৰ সভাত
সাপে নেউলে লগ হৈ বিজেপিক কেনেকৈ প্ৰতিহত কৰিব— তাৰ ওপৰতে আলোচনা চলিছিল
বুধবাৰে অনুষ্ঠিত ৰাজ্যৰ বিৰোধী দলসমূহৰ ঐক্যসভা সম্পূৰ্ণভাৱে “চাহ-ভাত খাই বিয়াৰ কথা পতাৰ সভা” বুলি অভিহিত কৰিলে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি মন্ত্ৰী হাজৰিকাই কয় — “মই শুনামতে, তেওঁলোকৰ ঐক্য সভাত কোনো ছিৰিয়াছ বা গুৰুত্বপূৰ্ণ কথা আলোচনা হোৱা নাই। সাপে নেউলে লগ হৈ বিজেপিক কেনেকৈ প্ৰতিহত কৰিব— তাৰ ওপৰতে আলোচনা চলিছিল।”
তেওঁৰ মতে, অহা ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিবেশনক লৈ কেৱল ‘কোনে কি ভূমিকা ল’ব’ সেই কথাহে আলোচনা হৈছিল।
মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ আৰু বাকী দলসমূহক লক্ষ্য কৰি কয়— “জাতীয় পৰিষদৰ বিধায়ক নাই, কমিউনিষ্ট আৰু ৰাইজৰ দলৰ মাথোঁ এজনকৈ বিধায়ক আছে, বাকী দলৰ বিধায়কেই নাই। কেৱল কংগ্ৰেছৰেই আছে। সেয়ে এই দলবোৰে কি কৰিব মই বুজি নাপাওঁ।”
তেওঁ লগতে সমালোচনা কৰি কয় — “এইধৰণৰ কাম কৰি আপুনি মানুহৰ হাঁহিয়তাৰ পাত্ৰ নহ’ব, মই সকলো দলক সাৱধান কৰি দিছো। তেওঁলোকে বিয়া কোনে কেতিয়া পাতিব, মন্ত্ৰী হৈ কোনে বিয়া পাতিব— এইবোৰ সৰু সৰু কথা আলোচনা কৰিলে জনতাৰ অনুভূতিত আঘাত লাগে।”
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ