কাইলৈৰ পৰা ইডেন গাৰ্ডেনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেন ইন ব্লু -ৰ
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ : ভাৰতৰ মাটিত টেষ্ট মানেই স্পীনাৰৰ আধিপত্য৷ এই ছবিখন বছৰ বছৰ ধৰি দেখা গৈছে৷ শুকুৰবাৰৰ পৰা ইডেন গার্ডেনত টীম ইণ্ডিয়াৰ বিপক্ষে প্রথমখন টেষ্ট খেলিব দক্ষিণ আফ্রিকাই৷ টেষ্টখনত ঘৰুৱা দলটোৱে তিনিজন স্পীনাৰেৰে খেলাৰ সম্ভাৱনা আছে৷ অৱশ্যে প্রটিয়াজ বাহিনীয়ে ভাৰতৰ অস্ত্রৰে ভাৰতকে পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছে৷
টেষ্টখন আৰম্ভ হোৱাৰ দুদিন পূর্বে সংবাদ মেল সম্বোধন কৰি দক্ষিণ আফ্রিকাৰ প্রশিক্ষক শুক্রী কনৰাডে তেওঁলোকৰ পৰিকল্পনা ঘোষণা কৰে৷ দক্ষিণ আফ্রিকা দলটোত তিনিজনকৈ তাৰকা স্পীনাৰ আছে৷ কনৰাডে এই তিনিগৰাকী স্পীনাৰৰ ওপৰত ভৰসা কৰিছে৷
‘দলত উন্নত মানৰ স্পীনাৰ থকাটো এটা সুবিধা৷ ই আত্মবিশ্বাস বৃদ্ধি কৰে৷ মই এইটো কোৱা নাই যে আমাৰ দলটোত আগতে ভাল স্পীনাৰ নাছিল৷ কিন্তু এতিয়া আমাৰ যি আক্রমণ আছে, সেয়া উপ-মহাদেশত বহুত বেছি ফলপ্রসূ৷’- কয় কনৰাডে। কনৰাডে ইডেনত ইতিহাস ৰচনা কৰিব বিচাৰে৷ সেই উদ্দেশ্যে তেওঁৰ শক্তি হৈছে স্পীন এটেক৷ ভাৰতক পৰাস্ত কৰিবলৈ আমাৰ হাতত উপযুক্ত অস্ত্র আছে৷ আমি আত্মবিশ্বাসী যে আমি ইডেনত ইতিহাস সৃষ্টি কৰিব পাৰিম৷ টেষ্টখনক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সৈতে তুলনা কৰি প্রটিয়াজ বাহিনীৰ প্রশিক্ষকগৰাকীয়ে লগতে কয় যে আমি অষ্ট্রেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জিকিলোঁ৷ কিন্তু এই শৃংখলাটো বিশেষকৈ ইডেনৰ টেষ্টখন ডব্লিউটিচিৰ ফাইনেলতকৈ কম নহ’ব৷
প্রশিক্ষকগৰাকীয়ে দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোক তেওঁৰ প্রশিক্ষক কেৰিয়াৰৰ আটাইতকৈ কঠিন প্রত্যাহ্বান হ’ব বুলি মন্তব্য কৰিছে৷ ভাৰতৰ মাটিত খেলাটো বিশ্বৰ আন দেশতকৈ কঠিন৷ উল্লেখ্য যে বিগত ১৫ বছৰত ভাৰতৰ মাটিত এখনো টেষ্টত জয়ী হোৱা নাই দক্ষিণ আফ্রিকা৷