নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট  দি গ্ৰেপ্তাৰ লখিমপুৰৰ দুই যুৱক

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : যোৱা দহ নৱেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত মেট্ৰ’ ষ্টেচনৰ দাঁতিত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই সমগ্র দেশক জোকাৰি গৈছে। এই ঘটনাই সতৰ্ক কৰি তুলিছে দেশৰ প্ৰতিখন ৰাজ্যক। ঘটনাটোক সকলোৱে গৰিহণা দি এনে নিকৃষ্ট কাণ্ডত জড়িতসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে।

ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত চলাই বহুখিনি অগ্ৰগতি লাভ কৰিছে অনুসন্ধানকাৰী সংস্হাই। এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলাক সতৰ্ক কৰি দিয়া হৈছে। সকলোতে নিৰাপত্তা বাহিনী সষ্টম হৈ আছে। সকলোৱে সজাগ-সতৰ্ক হোৱাৰ লগতে এই নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে। এনে সময়তে একাংশই সামাজিক মাধ্যমত উক্ত ঘটনাক লৈ বিৰূপ মন্তব্য কৰি আহিছে। চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ এনে অবাঞ্ছিত পোষ্টৰ বিৰুদ্ধে। যাৰ বাবে অসমত এনেদৰে পোষ্ট দিয়া ১৫জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

লখিমপুৰতো এনে দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হ’ল জিলাখনৰ ইনামূল ইছলাম আৰু ফিৰোজ আহমেদ (পাপন)। তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লখিমপুৰ সদৰ থানাত সোধা-পোছা কৰাৰ অন্তত আজি আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

You might also like