নিয়মীয়া বাৰ্তা, জাগীৰোড, ১৩ নৱেম্বৰ : কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈ থকা অৱস্থাতে মৃত্যু হোৱা জাগীৰোডৰ যুৱকৰ মৃতদেহ ”শ্ৰদ্ধাঞ্জলি আঁচনি”ৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা কালি নিশা অসমলৈ অনা হয়। কেৰালালৈ ৰে’লেৰে গৈ থকাৰ সময়তে ওড়িশাত ৰে’লপথত ৯ নৱেম্বৰত উদ্ধাৰ হৈছিল ৩১ বছৰীয়া চানেৰিকা চৌহান নামৰ যুৱকজনৰ মৃতদেহ। কি পৰিস্থিতিত যুৱকজন ৰে’লৰ পৰা পৰি গ’ল, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে পৰিয়াল তথা ৰাইজৰ মাজত।
আনহাতে, ভাৰতৰ যিকোনো ৰাজ্যত মৃত্যুবৰণ কৰা আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ মৃতদেহ ঘূৰাই আনিবলৈ অসম চৰকাৰৰ উদ্যোগত কিছুদিন আগেয়ে শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছিল। জাগীৰোড সমজিলাৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ পথাৰ গাঁৱৰ সুকদেৱ চৌহানৰ পুত্ৰ চানেৰিকাৰ বহিঃৰাজ্য কেৰালালৈ কাম কৰিবলৈ গৈ যোৱা ৯ নৱেম্বৰত মৃত্যু হয়। কিন্তু চানেৰিকাৰ মৃতদেহ দুখীয়া পৰিয়ালটোৱে নিজ ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাছিল। মৃত্যুৰ পিছতে অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে চানেৰিকা চৌহানৰ নশ্বৰ দেহ গাঁৱৰ ঘৰলৈ অনা হয়। সেই সময়ত অঞ্চলটোত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে।
অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে যুৱকজনৰ মৃতদেহ চৰকাৰী খৰচত আনি মৰিগাঁও আৰক্ষীয়ে পৰিয়ালৰ হাতত শ্ৰদ্ধা সহকাৰে অৰ্পণ কৰে। চৰকাৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ এই ব্যৱস্থাৰ বাবে চানেৰিকা চৌহানৰ দৰিদ্ৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে ।