নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত দিল্লী বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ১৫ নৱেম্বৰ : বিলাসীপাৰাত দিল্লী বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক । হাতীপোতা প্ৰথম খণ্ড গাঁৱৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে দিল্লী বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত দিছিল আপত্তিজনক মন্তব্য। কালিয়ে বিলাসীপাৰা আৰক্ষীয়ে যুৱকজনক নিজ গৃহৰ পৰা আটক কৰি থানালৈ আনি তদন্ত চলায়। আজি যুৱকজনক ৩৫৭/২৫ নং কেছত ১৯৬(১)এ/১৯৭(১)এ আৰু ১৫২ নং ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক আজি জে’ললৈ প্ৰেৰণ কৰে।

You might also like