যৌতুকৰ বাবে পত্নী হত্যাকাৰী স্বামীক যাৱজীৱন কাৰাদণ্ড
কাছাৰ জিলা সত্ৰ-জিলা ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়
পত্নীক হত্যা কৰাৰ অপৰাধত স্বামীক যাৱজীবন কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। কাৰাদণ্ডপ্ৰাপ্ত হত্যাকাৰী স্বামী শিলচৰ দুধপাতিল লাৰচিংপাৰৰ বাসিন্দা সুভাষ পাল।
২০১৯ চনৰ মাৰ্চ মাহত সংঘটিত হৈছিল এই হত্যাকান্ড। যৌতুকৰ দাবীত স্বামী সুভাষ পালে ডিঙি ৰেপি হত্যা কৰিছিল পত্নী আল্পনা সিংহক। মৃত্যুৰ পাছত আল্পনা সিংহৰ পিতৃয়ে শিলচৰ মালুগ্ৰাম আৰক্ষী চকীত স্বামী সুভাষ পালক অভিযুক্ত কৰি ৰুজু কৰিছিল এক গোচৰ৷
এজাহাৰত তেওঁ উল্লেখ কৰিছিল যে বিয়াৰ পিছৰে পৰা স্বামী সুভাষ পালসহ তেওঁৰ পৰিয়ালে এক লাখ টকা যৌতুক দাবী কৰি শাৰীৰিক আৰু মাণষিক অত্যাচাৰ চলাই আহিছিল আল্পনাৰ ওপৰত। আৰু যৌতুকৰ বাবেই স্বামী সুভাষে ডিঙি ৰেপি হত্যা কৰে পত্নী আল্পনাক।
মৃত মহিলাৰ পিতৃৰ এনে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী সুভাষ পালক। ইয়াৰ পাছত ঘটনা লৈ আৰক্ষীয়ে বিস্তাৰিত তদন্ত চলাই আদালতত দাখিল কৰে চাৰ্জশ্বীট। আৰু আদালতত দীৰ্ঘ প্ৰায় ৬ বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত আদালতে অভিযুক্ত হত্যাকাৰী স্বামী সুভাষ ৰায়ক দোষী সায়ব্যস্ত কৰি ৰায়দান ঘোষণা কৰে৷ আৰু হত্যাকাৰী স্বামী সুভাষ ৰায়ক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাৱজীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।
আদালতৰ এই ৰায়দানৰ পাছত পত্নী হত্যাকাৰী স্বামী সুভাষ ৰায়ক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰেৰণ কৰা হয়।
ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ