গুৱাহাটী-ত ২৭-২৯ নৱেম্বৰত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট
যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত স্থাপন কৰা উদয়াচল ট্রাষ্টৰ উদ্যোগ, সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত উদ্বোধনী অনুষ্ঠান, উত্তৰ–পূবৰ ৮ ৰাজ্যৰ ৭০০ খেলুৱৈ ল’ব অংশ, শুভংকৰ ‘পোহৰ’–জার্চি মুকলি, সংবাদ মেলত ঘোষণা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাঃ লিঃৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ
বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ শাৰীৰিক–মানসিক উৎকর্ষ সাধনৰ বাবে যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত ২০০৭ চনত স্থাপন কৰা উদয়াচল ট্রাষ্টে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট৷
বিশেষভাৱে সক্ষম খেলুৱৈৰ বাবে অনুষ্ঠিত কৰিব লগা এই উত্তৰ–পূব পেৰা স্প’টছ মীটখন অহা ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্স, আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুল আৰু পাণ্ডুস্থিত উদয়াচলত অনুষ্ঠিত হ’ব৷
২৭ নৱেম্বৰত প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানটো সম্পন্ন হ’ব সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্প’টছ কমপ্লেক্সত৷ ভাৰতীয় পেৰা অলিম্পিক সন্থাৰ অধীনত অসম পেৰা অলিম্পিক সন্থাৰ সহযোগত উদয়াচলে আয়োজন কৰা এই উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটত অসমসহ উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ ৭০০ৰো অধিক বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্রহণ কৰিব৷
উত্তৰ–পূবৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আয়োজিত এই বৃহৎ প্রতিযোগিতাখনত এথলীটসকলে পেৰা স্প’টছৰ মুঠ ৬টা শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ সেইকেইটা হ’ল– এথলেটিকছ, বেডমিণ্টন, বোচ্ছিয়া, দবা, ছুইমিং আৰু টেবুল টেনিছ৷
গুৱাহাটীৰ পাণ্ডুস্থিত উদয়াচলত আয়োজিত সংবাদ মেলত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটৰ মূল উদ্যোক্তা, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই প্রতিযোগিতাখনৰ সন্দর্ভত বিস্তৃতভাৱে সদৰী কৰে৷ সংবাদ মেলত বক্তব্য আগবঢ়াই ৰিণিকি ভূঞা শর্মাই কয়– ২০০৭ চনত মাত্র ৪টা ল’ৰা–ছোৱালী লৈ স্থাপন কৰা উদয়াচল ট্রাষ্টে আজি ১০০ ল’ৰা–ছোৱালী লৈ এক বৃহৎ প্রতিষ্ঠানলৈ পৰিণত হৈছে৷
ৰাজ্যৰ বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীবিলাকক কেনেকৈ শাৰীৰিক–মানসিকভা আগুৱাই লৈ যাব পাৰোঁ উদয়াচলৰ এয়াই মুখ্য উদ্দেশ্য৷ আমি যি আশাৰে এই প্রতিষ্ঠান স্থাপন কৰিছোঁ, তাত আমি সফলকাম হৈছোঁ৷
অসম পেৰা অলিম্পিক সন্থাৰ সহযোগত উত্তৰ–পূবৰ প্রথমখন ৰাজ্য হিচাপে অসমে পেৰা অলিম্পিক আয়োজন কৰিছে, য’ত উদয়াচলে অন্যতম গুৰুত্বপূর্ণ ভূমিকা লৈছে৷ উদয়াচলৰ পৰাই ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ৰ খেলুৱৈ ওলাই আহিছে৷
উদয়াচলৰ পৰাই পেৰা অলিম্পিকৰ বোচ্ছিয়া ইভেণ্টত ভাৰত চেত্রী নামৰ খেলুৱৈগৰাকীয়ে ৰাষ্ট্রীয় পর্যায়ত চেম্পিয়নৰ খিতাপ লাভ কৰি ভাৰতৰ প্রথমগৰাকী খেলুৱৈ হিচাপে কাজাখাস্তানত অনুষ্ঠিত বিশ্ব বোচ্ছিয়া চেম্পিয়নশ্বিপত প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি পেৰা অলিম্পিকত অংশগ্রহণ কৰা খেলুৱৈসকলক এতিয়া উত্তৰ–পূবৰ ৰাজ্যসমূহে চৰকাৰীভাৱে পৃষ্ঠপোষকতা তথা সহযোগিতা আগবঢ়াইছে৷
অৰুণাচল চৰকাৰে পেৰা অলিম্পিকত সোণ–ৰূপ আৰু ব্রঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলক ৩০–৪০ হাজাৰ টকা পুৰস্কাৰ হিচাপে প্রদান কৰিছে৷ মেঘালয় চৰকাৰেও এতিয়া পেৰা অলিম্পিকৰ প্রতি আগ্রহ দেখুৱাইছে৷ উদয়াচলৰ দ্বাৰা আগবঢ়োৱা সহায়–সাহায্যৰ কাৰণেই খেলুৱৈসকলে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত সফলতা লাভ কৰিছে৷ বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ প্রত্যেকৰে সপোনবোৰ যাতে সাকাৰ কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰা হৈছে৷
প্রকৃততে অসম তথা উত্তৰ–পূর্বাঞ্চলত বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীবিলাকৰ প্রতিভাৰ অভাৱ নাই৷ কিন্তু তেওঁলোকে তেওঁলোকৰ প্রতিভা প্রকাশৰ বাট বিচাৰি পোৱা নাছিল৷ এতিয়া অসম পেৰা অলিম্পিকৰ সহযোগত উদয়াচলে তেওঁলোকক প্লেটফর্ম দিয়াৰ কাম কৰিছে আৰু তেওঁলোকৰ সপোন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত পূৰ কৰিবলৈ আগবাঢ়িছে৷
এই পেৰা অলিম্পিকৰ যোগেৰে বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীক স্বাভাৱিক ল’ৰা–ছোৱালীৰ সমপর্যায়ত শাৰীৰিক–মানসিকভা আগুৱাই দিয়াৰ চেষ্টা কৰা হৈছে, যাক আমাৰ উদয়াচলৰ ল’ৰা–ছোৱালীসকলে প্রমাণ কৰিছে৷ বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীসকলক প্রতিভা বিকাশৰ বাবে ৰাস্তা এটা উলিয়াই দিয়াৰ দায়িত্ব সকলোৰে আছে, যাক উদয়াচলে সমর্পিত মনোভাবেৰে কৰিবলৈ চেষ্টা কৰিছে৷
এইক্ষেত্রত ৩৬০ ডিগ্রী ভগৱানৰ আশীর্বাদ থাকিলে সকলোৱে সফলতা লাভ কৰিব পাৰিব বুলি আমি আশাবাদী৷ উল্লেখ্য যে উদয়াচলৰ উদ্যোগত আয়োজিত দ্বিতীয় উত্তৰ–পূব পেৰা অলিম্পিক প্রতিযোগিতাৰ খেলসমূহ তিনিটা স্থানত অনুষ্ঠিত হ’ব৷ এথলেটিকছ আৰু দবা খেল অনুষ্ঠিত হ’ব অর্জুন ভোগেশ্বৰ বৰুৱা স্প’টছ কমপ্লেক্সত, ছুইমিং, বেডমিণ্টন আৰু টেবুল টেনিছ অনুষ্ঠিত হ’ব আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত৷
আনহাতে গুৰুতৰ ৰূপত বিশেষভাৱে সক্ষম হৈ থকা খেলুৱৈসকলে খেলিবলগীয়া বোচ্ছিয়া অনুষ্ঠিত হ’ব পাণ্ডুস্থিত উদয়াচলত৷ ২৯ নৱেম্বৰত সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্প’টছ কমপ্লেক্সত হ’ব প্রতিযোগিতাৰ সামৰণী অনুষ্ঠান৷
সংবাদ মেলত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ লগতে জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইন আৰু অসম পেৰা অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে’ও উপস্থিত আছিল৷
স্মর্তব্য যে সংবাদ মেলতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই ‘পোহৰ’ নামৰ এটি মাছকট আৰু পেৰা অলিম্পিকৰ জার্ছী মুকলি কৰে৷ সংবাদ মেলৰ প্রাৰম্ভণিতে দ্বিতীয় উত্তৰ–পূব পেৰা অলিম্পিকৰ ট্রফীও মুকলি কৰে ৰিণিকি ভূঞা শর্মাই৷
ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ