নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক, পৰিয়ালত হাহাকাৰ

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : বিশ্বনাথৰ শিমলুগুৰিৰ জোন বৰুৱা (৪২) নামৰ এজন যুৱক বহি:ৰাজ্যত সন্ধানহীন হৈ পৰিছে ৷ বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত আছিল জোন বৰুৱা নামৰ যুৱকজন । যোৱা ১৯ নৱেম্বৰত বেংগালুৰুৰ পৰা স্বগৃহলৈ ৰে’লযোগে আহি ভুল ৰে’লত উঠি অহাত বৰোদা ৰে’ল ষ্টেচনত নামি দিয়ে আৰু বৰোদা ৰে’ল ষ্টেচনত নমাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে যুৱকজন ৷ বৰোদা ষ্টেচনত নামি ফোনত কথাও হৈছিল পত্নীৰ সৈতে ৷ পত্নীৰ লগত ফোনত কথা-বাৰ্তা হোৱাৰ পিছৰে পৰাই মোবাইল ফোনৰ ছুইচ অফ হৈ পৰে জোন বৰুৱাৰ ৷ ফলত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালটোত৷ পুত্ৰৰ সন্ধানত কেমেৰা সন্মুখত হুকহুকাই কান্দে বৃদ্ধ মাতৃয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে জোন বৰুৱাৰ সম্ভেদ পায় 8011215584 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

You might also like