নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতি মাজৰচৰত বিবাহথলী হ’ল ৰণাংগন, কেইবাজনো আহত

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ নৱেম্বৰ : বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰত কইনা ঘৰৰ পদূলিত স্প্ৰে মৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভয়ানক মাৰপিটত আহত হয় কেইবাজনো লোক |

প্ৰাপ্ত তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ বৰপাথাৰ বৰদোবাৰ আকবৰ আলীৰ পুত্ৰ দৰা কাজিম উদ্দিন শ্বেখৰ বিয়াৰ বাবে দৰা যাত্ৰী গৈছিল বৰপেটাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰৰ কইনাপক্ষ নজৰ আলীৰ ঘৰলৈ | কইনা ঘৰৰ পদূলিত মিঠাই খুওৱা পৰত দৰা পক্ষই জনোৱা মতে স্প্ৰে মাৰিছিল উভয় পক্ষই। তাৰ পাছতেই স্প্ৰে মৰাক লৈ খৰ্গহস্ত হয় কইনা পক্ষৰ লোক আৰু আক্ৰমণ কৰে দৰা পক্ষক | এই আক্ৰমণত বিভিন্ন লোৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে | মুহূৰ্ততে গুৰুতৰভাৱে আহত হয় দৰাপক্ষৰ তিনি-চাৰিজনকৈ লোক | দৰাপক্ষৰ চালাম চফিউৰ ৰহমান, আতোৱাৰ ৰহমান আদি আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে |

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰি আহতসকলক আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয়। পিছত সংকটজনক অৱস্থাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আহতসকলক । ঘটনাটোৰ সঠিক তদন্ত কৰি দোষীক আটক আৰু শাস্তিৰ বিহাৰ দাবী জনায় ভুক্তভোগীয়ে।

You might also like