নিয়মীয়া বাৰ্তা, শ্ৰীৰামপুৰ, ২৪ নৱেম্বৰ : শীতৰ আগমনৰ লগে লগে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাহৰিৰ বাবে প্ৰাণঘাতী ৰোগ আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ আৰু সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই মাৰাত্মক ৰোগৰ সংক্ৰমণ হোৱাত উজনি অসমত ইতিমধ্যে বহু গাহৰিৰ মৃত্যু হৈছে। এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰৰ পশুপালন বিভাগে ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি নিধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত গাহৰিপালকসকলৰ লগতে গাহৰিৰ ব্যৱসায়ীসকল প্ৰচণ্ড ক্ষতিৰ সন্মুখীন হৈছে।
ৰাজ্যত আফ্ৰিকান ছোৱাইন ফ্লুৰ আৱিৰ্ভাৱ ঘটাত পশুপালন বিভাগে গাহৰিৰ বিক্ৰী আৰু গাহৰিৰ আমদানি নিষিদ্ধ কৰি এক এছ অ’ পি জাৰি কৰে। তাৰ পিছতো একাংশ গাহৰিৰ ব্যৱসায়ীয়ে জ্ঞাতে-অজ্ঞাতে গাহৰিৰ সৰবৰাহ অব্যাহত ৰখাৰ সময়তে সুদূৰ হাৰিয়ানাৰ পৰা দুখন ট্ৰেইলাৰ গাড়ীত পাঁচশ গাহৰি বোজাই কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ বাবে গৈ আছিল। গাহৰি বোজাই দুখন ট্ৰেইলাৰ যোৱা ১৭ নৱেম্বৰত অসমৰ প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত আহি এক শ্বেল্টাৰ চেন্টাৰত গাহৰিবিলাকক গাড়ীৰ পৰা নমাই খাদ্য-পানী যোগান ধৰা হয়। গাহৰি অহাৰ খবৰ পাই পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গোসাঁইগাঁও কাৰ্যালয়ৰ পৰা পশু চিকিৎসক আৰু কৰ্মচাৰীসকলে শ্বেল্টাৰত উপস্থিত হৈ বহিঃৰাজ্যৰ পৰা আমদানিকৃত গাহৰিৰ তেজ সংগ্ৰহ কৰি খানাপাৰাস্হিত গৱেষণাগাৰলৈ প্ৰেৰণ কৰি ট্ৰেইলাৰ দুখন আটক কৰি ৰাখে। ২৪ ঘন্টাৰ ভিতৰত গৱেষণাগাৰৰ পৰীক্ষাৰ অন্তত দুয়োখন গাড়ীত থকা গাহৰিৰ তেজত ছোৱাইন ফ্লুৰ বীজাণু থকা বুলি ধৰা পৰে। ইয়াৰ পাছতেই পশুপালন আৰু চিকিৎসা বিভাগৰ সঞ্চালকে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিবোৰক নিধন কৰাৰ নিৰ্দেশ প্ৰদান কৰে। সেই নিৰ্দেশ মতে দুখন ট্ৰেইলাৰত অসমলৈ অহা পাঁচশ গাহৰি চৰকাৰৰ বিধিমতে নিধন কৰা হয় আৰু মৃত গাহৰিবিলাকক নিৰাপদ আৰু নিৰ্জন ঠাইত নি মাটিত পুতি দিয়া হয়।