নিয়মীয়া বাৰ্তা, বিজনী, ২৭ নৱেম্বৰ : ভাৰত–ভূটান সীমান্তৱৰ্তী অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং চিকাঝোৰা গাঁৱত প্ৰায় প্ৰতিদিনে তাণ্ডৱ চলাই আহিছে।
বনৰীয়া হাতীৰ এই জাকটোৱে গাঁওখনৰ পৰশুৰাম চৌহান, গৰীব চৌহান, ঝব্বৰ চৌহান আৰু প্ৰদীপ গোৱা, ২নং চিকাঝোৰা গাঁৱৰ সঞ্জয় চক্ৰৱৰ্তীৰ এক বিঘা মাটি, মাণিক চক্ৰৱৰ্তীৰ ৫০ লেচা মাটিৰ তামোল গছ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতিয়কসকলৰ ব্যাপক ক্ষতি কৰিছে। লগতে দীপক চক্ৰৱৰ্তীৰ এক বিঘা মাটিৰ পানীলাউ খেতি তহিলং কৰে। অঞ্চলটোৰ প্ৰায় প্ৰত্যেকজনৰ এক বিঘাতকৈ অধিক মাটিৰ তামোল গছ হাতীয়ে ভাঙি নষ্ট কৰে। প্ৰতিদিনাই নিশা হ’লেই বন্যহস্তীৰ উপদ্ৰৱৰ বাবে স্থানীয় লোক আতংকিত হৈ থাকে। এই ঠাইসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় বিষ্ণুপুৰ ফৰেষ্টৰ বীট কাৰ্যালয়ৰ বনকৰ্মীসকলে।