নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট হাউছৰ সমীপত বন্দুকধাৰীৰ গুলীচালনা…

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : হোৱাইট হাউছৰ সমীপত বন্দুকধাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুজন নেচনেল গাৰ্ড। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মাৰ্কিন নিৰাপত্তাৰক্ষীয়ে। এই ঘটনাক ‘সন্ত্ৰাসবাদী আক্ৰমণ’ আখ্যা দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আনহাতে, আক্ৰমণকাৰীৰ পৰিচয় ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁৰ নাম ৰহমানউল্লাহ লাকনৱাল। তেওঁ আফগানিস্তানৰ নাগৰিক। ইয়াৰ পিছতেই আফগান নাগৰিকসকলৰ আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্প প্ৰশাসনে।

এই ঘটনাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- “এয়া অতি জঘন্য ঘটনা। এয়া কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপেই নহয়, মানৱতাৰ বিৰুদ্ধেও অপৰাধ।”

হোৱাইট হাউছৰ সমীপত এই আক্ৰমণৰ পিছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্প প্ৰশাসনে। বুধবাৰে হোৱাইট হাউছৰ উত্তৰ-পশ্চিমৰ মাত্ৰ দুটা ব্লক দূৰত নেচনেল গাৰ্ডসকললৈ লক্ষ্য কৰি এজন যুৱকে হঠাৎ গুলী চলাবলৈ আৰম্ভ কৰে। গুলীৰ আঘাতত দুজন গাৰ্ড ৰক্তাক্ত হৈ ঘটনাস্থলীত লুটি খাই পৰে। এই আক্ৰমণৰ পিছত মাৰ্কিন নিৰাপত্তাৰক্ষীয়েও গুলী চলায়। তাতে আহত হয় আক্ৰমণকাৰীজন। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীৰ গুলীত আহত হোৱা যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়। আনহাতে, আহত দুয়োজন নেচনেল গাৰ্ডকো সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই আক্ৰমণৰ পিছত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া- ‘এই নিৰ্মম ঘটনাত মই স্তম্ভিত আৰু মৰ্মাহত। যি পশুৱে এই ঘটনা ঘটাইছে তেওঁ উচিত মূল্য ভৰিব লাগিব।’

You might also like