নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ডিচেম্বৰ : ধুবুৰী জিলাৰ আগমনিৰ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায় আৰু নাই। চিকিৎসাধীন অৱস্থাতে পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
উল্লেখ্য যে কালি গুৰুতৰভাৱে অসুস্থ হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল ৰায়ক। কিন্তু হৃদজনিত অসুস্থতা তথা শাৰীৰিক অৱস্থাৰ উন্নতি নোহোৱাত কালি নিশাই পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁক। দুৰ্ভাগ্যজনকভাৱে আজি পুৱা চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়খনত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক ৰায়ে।
দীৰ্ঘ বছৰৰ পৰা সংবাদ জগতৰ সৈতে জড়িত হৈ থকা শ্যামল চন্দ্ৰ ৰায়ৰ অকাল মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে। সমান্তৰালকৈ তেওঁৰ এই মৃত্যু ধুবুৰীৰ সংবাদ জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে।