ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ : অপেক্ষাৰ অন্ত… অৱশেষত আজি দুমাহ ২০ দিনজোৰা তদন্তৰ অন্তত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ চাৰ্জশ্বীট।
এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অহা দলটোৱে গুৱাহাটী চি জে এম আদালতত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰে। উল্লেখ্য যে চি জে এম আদালতত চাৰ্জশ্বীট দাখিলৰ সময়ত তদন্তকাৰী দলৰ মুৰব্বী মুন্না প্ৰসাদৰ সৈতে ৰজী কলিতা, মৰমী মেধি আৰু নৱ ডেকা উপস্থিত থাকে।
দুখন বাহনেৰে প্ৰকাণ্ড ট্ৰাংকত CID কাৰ্যালয়ৰ পৰা জুবিন গাৰ্গ কাণ্ডৰ চাৰ্জশ্বীট নিয়া হয় চি জে এম আদালতলৈ। চাৰ্জশ্বীট দাখিলৰ দিনটোলৈ সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি থকাৰ পিছত আজি অভিযোগনামা দাখিলৰ সময়ত আদালতৰ বাহিৰতো যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে ভিৰ কৰে।
তদন্তৰ সকলো দিশ সম্পূর্ণ হোৱাৰ অন্তত আজি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত চিআইডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰটোৰ অভিযোগনামা দাখিল কৰে এছআইটিয়ে৷
উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত অনাকাংক্ষিতভাৱে জুবিন গার্গ নোহোৱা হোৱাৰ খবৰটোৱে প্রতিগৰাকী অসমীয়াৰ বুকু কঁপাই তুলিছিল৷ সুস্থ শৰীৰেৰে পুনৰ উভতি অহাৰ প্রতিশ্রুতি দি যোৱা প্রিয় শিল্পী জুবিন গার্গ হঠাতে এনেদৰে কেনেকৈ হেৰাই যাব পাৰে, এই প্রশ্ণই আজিও ব্যথিত কৰি ৰাখিছে প্রত্যেককে৷ বিগত সময়ছোৱাত এই ঘটনা সন্দর্ভত এছআইটিয়ে তিনি শতাধিক লোকৰ সাক্ষ্যগ্রহণ কৰাৰ লগতে মুঠ ৭জন লোকক গ্রেপ্তাৰ কৰিছিল৷
কি তথ্য সন্নিৱিষ্ট হৈ আছে এছ আই টিয়ে আজি আদালতত দাখিল কৰা জুবিন কাণ্ডৰ অভিযোগনামাত- এতিয়া সকলোৰে মনত এই প্ৰশ্নই জুমুৰি দি ধৰিছে।