নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাখিল জুবিনৰ মৃত্যু ঘটনাৰ চাৰ্জশ্বীট : ৪জনৰ বিৰুদ্ধে হত্যাৰ ধাৰা প্ৰয়োগ

SIT গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ন্যায়িক অনুসন্ধান আয়োগ গঠন ঘোষণা কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক একক সদস্যীয় আয়োগৰ মুৰব্বী কৰা হয়। মুখ্যমন্ত্ৰীয়ে আগতে উল্লেখ কৰিছিল— জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ

সাংস্কৃতিক আইকন আৰু লক্ষাধিক অনুৰাগীৰ হৃদয় জিনা জুবিন গাৰ্গৰ অকাল মৃত্যু গোচৰত বিশেষ অনুসন্ধানকাৰী দলে (SIT) আজিৰ (ডিচেম্বৰ ১২) দিনটোত গুৱাহাটীৰ কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিছে। গ্ৰেপ্তাৰ হোৱা ৭জন অভিযুক্তৰ ভিতৰত ৪জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ (BNS ধাৰা ১০৩) প্ৰয়োগ কৰা হৈছে।

৩৫০০ পৃষ্ঠাৰ এই চাৰ্জশ্বীট SITৰ সদস্য ৰ’জি কলিতা, মৰমী মেধি আৰু নৱ ডেকাই আদালতত জমা দিয়ে। ধাৰা ১০৩ BNS প্ৰয়োগ কৰা হৈছে —

  • নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত,
  • জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধান্ত শৰ্মা,
  • ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী,
  • সহগায়িকা অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে।

দোষী প্ৰমাণিত হ’লে তেওঁলোকক মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে।

অন্যফালে BNSৰ ধাৰা ১০৫ (হত্যা নহয়া culpable homicide) প্ৰয়োগ কৰা হৈছে জুবিন গাৰ্গৰ  ভাতৃ তথা APS অফিচাৰ সন্দীপন গাৰ্গৰ বিৰুদ্ধে।

ধাৰা ১০৫ অনুসৰি, মৃত্যুৰ উদ্দেশ্য বা কঠোৰ আঘাতৰ উদ্দেশ্য থাকিলে আজীৱন কাৰাবাস বা ৫-১০ বছৰ জেলসহ জৰিমনা; উদ্দেশ্য নাথাকিলে কিন্তু মৃত্যুৰ সম্ভাৱনা জ্ঞাত থাকিলে ১০ বছৰৰ পর্যন্ত জেল আৰু জৰিমনা হব পাৰে।

জুবিন গাৰ্গৰ PSO দুইজন ক্ৰমে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বিশ্বাসভংগ (Criminal Breach of Trust) ৰ অভিযোগত অভিযুক্ত কৰা হৈছে।

জুবিন গাৰ্গে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লেজাৰাছ আইলেণ্ডৰ ওচৰত পানীত নামি দুঃখজনকভাৱে প্ৰাণ হেৰুৱাইছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত উপস্থিত থাকিলেও কাৰ্য্যসূচীৰ আগদিনাই তেওঁৰ মৃত্যু ঘটে।

২১ ছেপ্টেম্বৰৰ পুৱা দিল্লীত নশ্বৰদেহ অহাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে। তাৰ পাছত গুৱাহাটীলৈ অনা হয়। গুৱাহাটীৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰালৈ লাখ লাখ অনুুৰাগীয়ে শোকযাত্ৰাত অংশ লয়। সৰুসজাই ষ্টেডিয়ামত দুই দিন ধৰি লাখ লাখ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২৩ ছেপ্টেম্বৰত GMCHত দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সোণাপুৰৰ কমাৰকুছি-হাটিমূৰাত জুবিনৰ অন্ত্যেষ্টিক্রিয়া কৰা হয়।

ইফালে জুবিনৰ মৃত্যু ঘটনাক্ৰম এনেধৰণৰ-

  • ১ অক্টোবৰ: শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধান্ত শৰ্মাক দিল্লী আৰু NCRৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
  • ২ অক্টোবৰ : ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী আৰু সহগায়িকা অমৃতপ্ৰভা মহন্তক CIDৰ দীঘলীয়া অনুসন্ধানৰ পিছত SITএ গ্ৰেপ্তাৰ কৰে।
  • ৮ অক্টোবৰ : APS অফিচাৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ।
  • ৯ অক্টোবৰ : দুজন PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ মাজত ১.১ কোটি টকাৰ লেনদেন পোৱা যায়; দুজনকো গ্ৰেপ্তাৰ।
  • ছিংগাপুৰত উপস্থিত  থকা ৮জন প্ৰৱাসী অসমীয়াকো SIT-এ সোধাপোছা কৰে; ৭জন উপস্থিত হয়।

SIT গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ন্যায়িক অনুসন্ধান আয়োগ গঠন ঘোষণা কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক একক সদস্যীয় আয়োগৰ মুৰব্বী কৰা হয়। মুখ্যমন্ত্ৰীয়ে আগতে উল্লেখ কৰিছিল— জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।

উল্লেখ্য যে SIT-এ ৩০০জনৰ বিবৃতি লৈ আজি (ডিচেম্বৰ ১২) চাৰ্জশ্বীট দাখিল কৰে, যিটো অসম আৰক্ষীয়ে গোচৰটো ৰুজু কৰা দিনৰ পৰা ৯০ দিন পূৰ্ণ হোৱাৰ এক সপ্তাহ আগতে শেষ কৰে।

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like