ইণ্ডিগ’ৰ অচলাৱস্থা : DGCA-ৰ বৃহৎ পদক্ষেপ
এই ৪গৰাকী পৰিদৰ্শক ইণ্ডিগ’ৰ শেহতীয়া বৃহৎ পৰিসৰৰ ব্যাঘাতৰ ঘটনাসমূহৰ সৈতে জড়িত আছিল। ইয়াৰ পটভূমিতেই DGCA এ তেওঁলোকক নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে
ইণ্ডিগ’ৰ বাৰম্বাৰ বিমান বাতিল, দুৰ্ব্যৱস্থা আৰু যাত্ৰীৰ ক্ষোভ বৃদ্ধি পোৱা পৰিস্থিতিৰ মাজতেই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে ৪গৰাকী বিমান পৰিচালনা পৰিদৰ্শকক নিলম্বন কৰিছে।
এই পৰিদৰ্শকসকল DGCAৰ জ্যেষ্ঠ কৰ্মচাৰী, যিয়ে বিমান সংস্থা, পাইলট, কেবিন ক্ৰু, ডিচপেচাৰ আদিৰ কাৰ্যকলাপ কঠোৰভাৱে পৰীক্ষা-নিৰীক্ষা, অডিট আৰু মানদণ্ড অনুগ্ৰহণ নিশ্চিত কৰে। ভাৰতৰ বিমান সুৰক্ষা, প্ৰশিক্ষণ, দুৰ্ঘটনা প্ৰতিৰোধ আৰু বিমানৰ মান নিয়ন্ত্ৰণৰ সৈতে তেওঁলোকৰ কাম ঘনিষ্ঠভাৱে জড়িত।
সূত্ৰই জনাইছে যে এই ৪গৰাকী পৰিদৰ্শক ইণ্ডিগ’ৰ শেহতীয়া বৃহৎ পৰিসৰৰ ব্যাঘাতৰ ঘটনাসমূহৰ সৈতে জড়িত আছিল। ইয়াৰ পটভূমিতেই DGCA এ তেওঁলোকক নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে।
ইণ্ডিগ’ৰ অচলাৱস্থা অব্যাহত থাকিয়েই আছে—
- হাজাৰ হাজাৰ বিমান বাতিল, লাখ লাখ যাত্ৰী প্ৰভাৱিত।
- শুকুৰবাৰেহে বেংগালুৰুৰ পৰা ৫০খনতকৈও অধিক বিমান বাতিল।
- ইয়াত ৩১খন আগমন আৰু ২৩খন প্ৰস্থান বাতিল অন্তৰ্ভুক্ত।
- বৃহস্পতিবাৰে দিল্লী আৰু বেংগালুৰুৰ পৰা ২০০ৰো অধিক বিমান বাতিল হৈছিল।
বৃহস্পতিবাৰে DGCA এ ইণ্ডিগ’ৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰে। সেই অনুসৰি
- সংস্থাটোৰ মুখ্য কাৰ্যালয়ত বিস্তৃত পৰিদৰ্শন।
- তদন্তকাৰী কমিটীয়ে CEO পিটাৰ এলবাৰ্ছক সোধা-পোছা কৰে।
- আজিও CEO পিটাৰ এলবাৰ্ছ আৰু COO ইচিজিদ্ৰে পাৰ্কেৰাছ DGCAৰ তদন্ত কমিটীৰ সন্মুখত হাজিৰ হ’ব।
৪গৰাকী পৰিদৰ্শকক নিলম্বনৰ পিছত তদন্ত পেনেল গঠন কৰিছে ডি জি চি এ। গঠন কৰা ৪জনীয়া উচ্চস্তৰীয় তদন্ত পেনেলত আছে—
- যুটীয়া সঞ্চালক প্ৰধান সঞ্জয় ব্ৰহ্মণ
- উপ-সঞ্চালক প্ৰধান অমিত গুপ্তা
- জ্যেষ্ঠ বিমান পৰিচালনা পৰিদৰ্শক কপিল মাংলিক
- বিমান পৰিচালনা পৰিদৰ্শক লোকেশ ৰামপাল
এই পেনেলটোৰ কাম হ’ল ইণ্ডিগ’ৰ পৰিচালনাত ব্যাপক ব্যাঘাত সৃষ্টি হোৱাৰ মূল কাৰণসমূহ উদ্ঘাটন কৰা। ইণ্ডিগ’ৰ সংকট আৰু DGCA ৰ হস্তক্ষেপে দেশৰ বিমান পৰিবহণ খণ্ডত ব্যাপক স্পন্দন সৃষ্টি কৰিছে। আগন্তুক দিনত তদন্তৰ ফলাফল কি হয়, সেয়াই এতিয়া সৰ্বাধিক গুৰুত্বপূৰ্ণ।
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ