চৰকাৰে ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰি জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰিছে যদিও লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ সদিচ্ছাৰ অভাৱত চৰকাৰী আঁচনিয়ে আজিও ঢুকি পোৱা নাই প্ৰকৃত হিতাধিকাৰীক ৷ সেয়ে আজিও দুৰ্বিষহ জীৱন কটাইছে একাংশ লোকে।
চৰকাৰে ইখনৰ পিছত সিখন জনমুখী আঁচনি ঘোষণা কৰাৰ পিছতো কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধ আইতাৰ এখন বাস্তৱ জীয়া ছবি পোহৰলৈ আহিছে ৷ লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ পানীগাঁও পঞ্চায়তৰ অন্তগৰ্ত বছাগাঁৱৰ ৮০ ঊৰ্ধ্বৰ অতি দৰিদ্ৰ ৰূপহী দাসৰ পৰিয়ালটো ৷ আজিও পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম নহ’ল প্ৰধানমন্ত্ৰী আৱাস গৃহ ৷ বতাহ-বৰষুণ দিলে উজাগৰে কটাব লাগে বৃদ্ধ আইতাই ৷ অতি কষ্টেৰে জুপুৰিসদৃশ গৃহত বাস কৰিব লগা হৈছে পৰিয়ালটোৱে ৷ কোনোমতে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটোৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতি। বৰষুণ দিলে পানী পৰে ঘৰটোত, ঘৰটোৰ বাঁহসমূহ পচি যোৱাত যিকোনো মুহূৰ্তত খহি পৰি অঘটন ঘটিব পাৰে!
অতি পৰিতাপৰ কথা, চৰকাৰে দুখীয়া-দৰিদ্ৰৰ বাবে গ্ৰহণ কৰা আঁচনিয়ে এইসকলক ঢুকি নাপায় কিয় ? বাৰম্বাৰ আবেদন কৰাৰ পিছতো আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস গৃহ কিয় লাভ কৰা নাই পৰিয়ালটোৱে- সেইটো লাখটকীয়া প্ৰশ্ন। বাৰে বাৰে কিয় বঞ্চিত হয় অতি দৰিদ্ৰ পৰিয়ালটো ৷ সেয়ে জিলা আয়ুক্তগৰাকীক অসহায় দুৰ্ভগীয়া পৰিয়ালটোক অতি সোনকালে এটা আৱাস গৃহৰ লগতে চৰকাৰে প্ৰদান কৰা সকলো সুবিধা কৰি দিবৰ বাবে গাঁওবাসীৰ লগতে সচেতন মহলে দাবী জনায় ৷