লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰৰ টোলগেটত বন্ধাকবি কঢ়িয়াই অনা মহিন্দ্ৰা বলেৰ’ পিকআপ ভানৰ পৰা ২৫ বস্তা গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চত্ৰ সিং পাটৰৰ নেতৃত্বত তথা বান্দৰদেৱা আৰক্ষী চকীৰ সহ: উপ-পৰিদৰ্শক দুলুমণি শইকীয়াৰ সহযোগত এক বৃহৎ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি।
উল্লেখযোগ্য যে বাহনখনে বন্ধাকবি কঢ়িয়াই আনিছিল আৰু সেই কবিৰ বস্তাৰ মাজতে সংগোপনে কঢ়িয়াই আনিছিল যদিও আৰক্ষীয়ে পোৱা গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত AS-12CC-4245 নম্বৰৰ মহিন্দ্ৰা বলেৰ’ পিকআপ বাহনখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৫ বস্তা গাঞ্জা।
অৰুণাচল প্ৰদেশৰ ব’মডিলাৰ পৰা বান্দৰদেৱালৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। গাঞ্জাখিনি কঢ়িয়াই অনা গাড়ীচালক কালু প্ৰধানক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লয়।