আজি ২৪ ডিচেম্বৰ, পুহ মাহৰ ৮ তাৰিখ, বুধবাৰ
মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃষ : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মিথুন : নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভ৷ আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৩৷
কর্কট : অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনৰ আগমন৷ গৱেষকসকলৰ সাফল্য লাভ৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷
সিংহ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কন্যা : দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
তুলা : প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷
বৃশ্চিক : সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ ভ্রমণত কষ্ট পাব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
ধনু : কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মকৰ : কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷