নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ সমৰ্থন : গ্ৰেপ্তাৰ বাবুল হুছেইন

যিসময়ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত আৰম্ভ হোৱা নিৰ্যাতনৰ বিৰূদ্ধে আমাৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ক্ষোভৰ উদগীৰণ ঘটিছে সেই সময়ত ধুবুৰীৰ গৌৰীপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত বাংলাদেশী মৌলবাদী শক্তিক সমৰ্থনত পোষ্ট দি আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গৌৰীপুৰৰ বানীয়ামাৰী ষষ্ঠ খণ্ড গাঁৱৰ যুৱক বাবুল হুছেইন নামৰ যুৱকজনে বাংলাদেশত হিন্দু লোকক হত্যা কৰি গছত বান্ধি জ্বলাই দিয়া কার্যক সমর্থন কৰি সামাজিক মাধ্যমত এক ভিডিঅ’ আপলোড কৰিছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত গৌৰীপুৰ আৰক্ষীয়ে ইতিমধ্যে হুছেইনক গ্ৰেপ্তাৰ কৰি বৰ্তমানে জেৰা চলাই আছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ ডিচেম্বৰ

You might also like