নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দু নিৰ্যাতন : বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ বাহাৰ উদ্দিন

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি মৈৰাবাৰীত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন মৈৰাবাৰীৰ হাঁহচৰা গাঁৱৰ বাহাৰ উদ্দিন বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিনৰে পৰা সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়াই আহিছিল যুৱকজনে। ইতিমধ্যে মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে ৩০/২৫ নম্বৰ গোচৰ ৰুজু কৰি U/S 196(1)/299/353(1)(b)(c)/353(2)BNS যুৱক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

যুৱকজনে যুৱতীৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বিভিন্ন দেশদ্রোহী মন্তব্য আগবঢ়াই আহিছিল।

নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ২৪ ডিচেম্বৰ

You might also like