নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল ঘটাইছে। সেই অনুসৰি ১৪ খন জিলাৰ জিলা আয়ুক্ত পৰ্যায়ত ব্যাপক সালসলনি কৰাৰ বিপৰীতে নতুন জিলা আয়ুক্ত নিযুক্তি দিয়া হৈছে। সেই অনুসৰি-

কামৰূপৰ(মেট্ৰ)ৰ জিলা আয়ুক্ত সুমিত সত্তৱানক তিনিচুকীয়া জিলালৈ বদলি কৰাৰ বিপৰীতে তিনিচুকীয়াৰ জিলা আয়ুক্তক স্বপ্নীল পালক কামৰূপ (মেট্ৰ)লৈ বদলি কৰা হৈছে।

শিৱসাগৰৰ জিলা আয়ুক্ত আয়ুস গাৰ্গক কাছাৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে, বিপৰীতে কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ বদলি কৰাৰ বিপৰীতে বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠকক ধুবুৰী জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

কোকৰাঝাৰৰ জিলা আয়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনক বিত্ত বিভাগৰ যুটীয়া আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া আয়ুক্ত চিমি কৰণক তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰাৰ বিপৰীতে তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

জনতা ভৱনৰ যুটীয়া আয়ুক্ত আৰণ্যক শইকীয়াক কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে বিপৰীতে কাৰ্বি আংলঙৰ জিলা আয়ুক্ত নিৰলা ফাংচপিক Add Secretary(Hills)লৈ বদলি কৰা হৈছে।

IG(Prison)ৰ পূৱালী গোহাঁইক দৰঙৰ জিলা আয়ুক্ত হিচাপে বদলি কৰাৰ বিপৰীতে দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। বিপৰীতে গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তক IG(Prison)লৈ বদলি কৰা হৈছে।

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ

You might also like