নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ আৰক্ষীৰ জালত গুৱাহাটীত সন্ত্ৰাস সৃষ্টিকাৰী ৩ গভাইত চোৰ

বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে ৩ গভাইত চোৰ। গ্ৰেপ্তাৰ হোৱা গভাইত চোৰকেইটা হল সোণতলীৰ মনোৱাৰ হুছেইন, লালমাটিৰ ৰাজীৱ নাথ আৰু কমল ৰয়।

চোৰকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে ১৭ডাল পাইপ, ৬ডাল কপাৰ পাইপ আৰু এটা মোবাইল ফোন।

উল্লেখ্য যে মহানগৰীৰ বিভিন্ন অঞ্চলত চুৰিকাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই তিনি গভাইত চোৰে।

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ

You might also like