নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃশংসতা : ৭৫টাকৈ ছাগলীক বিহ দি মাৰিলে জীৱশ্ৰেষ্ঠই

এইখন ৰাজ্যতে ঘটিছে এক অমানৱীয় ঘটনা। ৭৫টাকৈ ছাগলীক বিহ দি মাৰি পেলালে জীৱশ্ৰেষ্ঠ মানুহে। ঘটনাটো কামৰূপৰ পছৰীয়াৰ।

কামৰূপৰ পছৰীয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ ছাগলী ফাৰ্মত কোনো অচিনাক্ত লোকে কৰিলে এই অপকৰ্ম। লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হ’ল  স্বামী-স্ত্ৰী।

উল্লেখ্য যে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস আছিল ছাগলীবোৰ। দুয়োৱে অসমৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ ভিন্ন প্ৰান্তলৈ ছাগলী যোগান ধৰি আহিছিল। তেওঁলোকে প্ৰায় ৫জনকৈ ব্যক্তিক দিছিল ফাৰ্মত কাম কৰি পৰিয়াল চলোৱাৰ পথ।

কিন্তু কোনে কি কাৰণত এই অপকৰ্ম সংঘটিত কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ঘটনাৰ সত্যতা।

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ

You might also like