‘০’-ত আউট ৰোহিত : ছাৱাই মানসিং ষ্টেডিয়ামত হতাশ দৰ্শক
বিজয় হাজাৰে ট্ৰফী ২০২৫–২৬ৰ অধীনত আজি অৰ্থাৎ ২৬ ডিচেম্বৰ ২০২৫ তাৰিখে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই আৰু উত্তৰাখণ্ডৰ মাজত খেল অনুষ্ঠিত হৈছে। এই খেলখনত এগৰাকী বিশেষ পৰিচিতি নথকা দ্ৰুত বলাৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক শূন্য ৰানতে আউট কৰি পেভিলিয়নলৈ ওভতাই পঠিয়ায়।
এই টুৰ্নামেণ্টৰ প্ৰথমখন খেলত, ২৪ ডিচেম্বৰ তাৰিখে, ৰোহিত শৰ্মাই ১৫৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। সেই একেই ধৰণৰ আন এটা ডাঙৰ ইনিংছৰ আশাত বহু অনুৰাগী ষ্টেডিয়ামলৈ আহিছিল। কিন্তু এইবাৰ উত্তৰাখণ্ডৰ দ্ৰুত বলাৰ দেৱেন্দ্ৰ সিং বোৰাই ৰোহিত শৰ্মাক গোল্ডেন ডাক কৰি আউট কৰে। এই দৃশ্য দেখি ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ মাজত এক মুহূৰ্ততে নীৰৱতা বিয়পি পৰে।
উত্তৰাখণ্ডৰ দ্ৰুত বলাৰ দেৱেন্দ্ৰ সিং বোৰাই তেওঁৰ কেৱল তৃতীয়খন লিষ্ট-এ খেলতেই ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক গোল্ডেন ডাক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দেৱেন্দ্ৰ উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ স্থায়ী বাসিন্দা আৰু ৰাজ্যখনৰ হৈ খেলাটো তেওঁৰ মাত্ৰ দ্বিতীয়টো বছৰ।
৬ ডিচেম্বৰ ২০০০ তাৰিখে জন্মগ্ৰহণ কৰা দেৱেন্দ্ৰ সিং বোৰাই ২০২৪ চনত ডেৰাদূনত পুডুচেৰীৰ বিৰুদ্ধে উত্তৰাখণ্ডৰ হৈ নিজৰ প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল। একেই বছৰত জয়পুৰত মণিপুৰৰ বিৰুদ্ধে তেওঁ লিষ্ট-এ ক্ৰিকেটত অভিষেক ঘটায়।
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ