নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰখ্যাত ঢোলৰ ওজা বলাই হাজৰিকা আৰু নাই…

ঢোলৰ চেৱে চেৱে যিজন মানুহে জীৱনটোকেই সুৰত বুলাইছিল, সেই শিল্পীগৰাকী আজি নিস্তব্ধ। ঢোলটোৰে জগত জিনিব বিচৰা প্ৰখ্যাত ঢুলীয়া শিল্পী বলাই ওজা আৰু নাই। শদিয়াৰ পৰা ধুবুৰীলৈ কান্ধত ঢোল লৈ অসমৰ মাটিত  ঢোলৰ সম্ৰাট মঘাই ওজাৰ একান্ত পালি, বলাই হাজৰিকা ওজাই আজি পুৱাতে জীৱনৰ শেষ অধ্যায় সমাপ্ত কৰিলে।

প্ৰায় ন বছৰ পূৰ্বে সংঘটিত এক পথ দূৰ্ঘটনাই শিল্পী গৰাকী গুৰুতৰ ভাবে আহত হৈছিল। সেই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বলাই ওজাক জীৱনৰ পথত পুনৰ থিয় কৰাবলৈ স্থানীয় ৰাইজৰ লগতে বহু দল সংগঠনে  চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল।

কিন্তু নিয়তি যেন তাতেই থমকি নাথাকিল। দুৰ্ঘটনাৰ পাছৰে পৰা ধীৰে ধীৰে তেওঁৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু শেষত দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ জীৱনৰ কঠিন সময় পাৰ কৰিবলগীয়া হৈছিল। তথাপি, তেওঁৰ হাতৰ বুলনিত ঢোলে কথা কোৱা বন্ধ কৰা নাছিল।

দেহ নিস্তেজ হ’লেও আত্মাই ঢোলৰ তালে তালে জীয়াই আছিল। সেই ঢোল আছিল তেওঁৰ ভাষা, তেওঁৰ প্ৰাণ, তেওঁৰ পৰিচয়। ঢোলৰ প্ৰতিটো তালে অসমৰ লোকসংস্কৃতিৰ গোন্ধ বোৱাই দিছিল আৰু সেই সুৰতেই তেওঁ চিৰকাল জীয়াই থাকিব। প্ৰায় ৭৫ বছৰ বয়সত যোৰহাট জিলাৰ টীয়ক তেলীয়া গাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা বলাই ওজাৰ মৃত্যুৰ শেষ প্ৰয়াণে অসমৰ সংস্কৃতি জগতখনত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিলে।

শিল্পীজন গ’লেও, তেওঁৰ ঢোলৰ শব্দ আজিও অসমৰ আকাশ-বতাহত বাজি থাকিব—এজন শিল্পীৰ অমৰ স্মৃতি হৈ। তেওঁ মৃত্যুৰ খবৰ আজি পুৱাই পোৱাৰ লগে লগে অগণন গুণমুগ্ধ আহি তেওঁ গৃহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰেহি । মৃত্যুৰ সময়ত  পৰিয়াল তথা আত্মীয়ক এৰি থৈ যায় ঢুলীয়া শিল্পী গৰাকীয়ে।

নিয়মীয়া বাৰ্তা, কাকজান, ২৭ ডিচেম্বৰ

You might also like