GMCH ত বহাগ বিহুৰ পূৰ্বে ICU বেডৰ সংখ্যা বৃদ্ধি হৈ ২০০ খন হ’বঃ স্বাস্থ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ পাছতে আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
এই সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে- অসমত এই ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ ঘটনাৰ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰায় ৬০ খন আই চি ইউ বেড আছিল । কিন্তু যোৱা সপ্তাহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পুনৰ ৩৩ খন আই চি ইউ বেড সংযোজন ঘটাবলৈ সক্ষম হয় । ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ কাৰণে সদায়ে যি হেচা-থেলা আছিল, সেই সমস্যা দূৰ কৰি আজিৰ তাৰিখত ইয়াৰ সংখ্যা ১৬২ খনলৈ বৃদ্ধি পালে । যাৰ বাবে ৰাজ্যত ক’ভিড-১৯ ৰ সংকটৰ সমান্তৰালকৈ দিনে নিশাই কাম কৰি আই চি ইউৰ সংখ্যা ১৬২ খনলৈ বৃদ্ধি কৰা হ’ল । অৰ্থাৎ দীঘলীয়া সময়ৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ বেডৰ সংখ্যা বৃদ্ধি ঘটিল বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ইফালে বহাগ বিহুৰ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ আৰু ভেণ্টিলেশ্যনৰ সংখ্যা ২০০ পাৰ হ’ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
Pleased at the stupendous efforts of GMCH which has created a special ICU ward of 50 beds in record time. Inaugurated the same in the presence of MoS @Pijush_hazarika & Pr Secy @samirsinha69. The total no. of ICU has increased from 75 to 162 in a week’s time. #IndiaFightsCorona pic.twitter.com/UlToVn2yuF
— Himanta Biswa Sarma (@himantabiswa) April 2, 2020