তবলিগী জামাতত অংশ লৈ কেইজন লোক অসমলৈ ঘূৰি আহিল? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
নিজামুদ্দিনৰ লগত অসমৰ কেইজন লোক জড়িত?
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ নিজামুদ্দিনৰ তবলিকী জামাতত অসমৰ ৪৫৭জন লোকে অংশগ্ৰহণ কৰিছিল তাৰে ২৭৬গৰাকী লোকক ১০৪ সেৱাৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছে। ইয়াৰ লগতে কিছু সংখ্যকলোকে নিজে নিজে আহি আৰক্ষী বা স্বাস্থ্য বিভাগৰ হাতত ধৰা দিয়ে। সংবাদমেলত এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
নিজামুদ্দিনৰ ঘটনাৰ লগত ভাৰত চৰকাৰে দিয়া তথ্য আৰু আমি উলিওয়া তথ্যৰ ভিত্তিত নজৰত আছিল ৭৩২জন লোক। নিজামুদ্দিনৰ ঘটনাৰ লগত অসমৰ ৪৭২জন লোক জড়িত আছে বুলি প্ৰাৰম্ভিক পৰ্যায়ত জানিব পাৰিছোঃ হিমন্ত বিশ্ব শৰ্মা
প্ৰথম পৰ্যায়ৰ অনুসন্ধানত আমি ৫০৩গৰাকী লোকৰ ভিতৰত সকলোৰে প্ৰচেষ্টাত ৪৮৮গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু ১৫গৰাকীক লোকক বিচাৰি পালেই প্ৰথম পৰ্যায়ত বিচাৰিবলগীয়া সকলো লোকৰ তথ্য সম্পূৰ্ণ হ’ব বুলিও সংবাদমেলত সদৰী কৰে মন্ত্ৰী ড০ শৰ্মাই।