নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হ ফুলৰ সুবাসে নগাঁৱত সৃষ্টি কৰিছে বিনন্দীয়া পৰিৱেশ

এতিয়া সৰিয়হ ফুলাৰ বতৰ। সৰিয়হ ফুলৰ হালধীয়া ৰং এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সৰিয়হ ফুলৰ সুবাসত আমোলমোল হৈ পৰিছে সমগ্ৰ নগাঁও জিলা। কৃষি অৰ্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ়া নগাঁও জিলাত শালিধানৰ পিছতেই সৰিয়হ প্ৰধান খেতি হিচাপে  চিহ্নিত।

ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাৰ কৃষকসকল এতিয়া শালিধানৰ খেতি চপোৱাৰ সমান্তৰালভাৱে সৰিয়হৰ খেতি কৰাত ব্যস্ত। লহপহকৈ বাঢ়ি অহা সৰিয়হত এতিয়া ফুল ধৰিছে। সৰিয়হৰ হালধীয়া ফুলৰ সুবাসে এতিয়া চৌপাশে দোলা দি আছে। শীতৰ হিমচেঁচা বতৰত সৰিয়হ ফুলৰ আমেজে এতিয়া কৃষিভূমি জিলিকাই তুলিছে। বিশেষকৈ জিলাখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী, নগাঁৱৰ প্ৰাণস্বৰূপ কলং নৈ, কপিলী, বৰপানী, সোণাই নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ সৰিয়হ ফুলৰ সুবাসে সকলোকে হাতবাউল দি মাতিছে। মৌ মাখি আৰু ভোমোৰাৰ গুণ গুণ শব্দত মুখৰিত হৈ পৰিছে সৰিয়হতলীৰ চৌপাশ। হালধীয়া ৰঙৰ আস্বাদনত প্ৰাণচঞ্চল হৈ পৰিছে নৈপৰীয়া অঞ্চলসমূহ। হালধীয়া ৰঙৰ সুবাসত বিভোৰ হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল। নৈপৰীয়া এই অঞ্চলসমূহৰ যেনিয়েই চোৱা যায়, তেনিয়েই দেখা যায় কেৱল হালধীয়া আৰু হালধীয়া। সৰিয়হৰ হালধীয়া ফুলৰ মাজত বহুতে ফটো উঠাৰ লগতে একাংশই ছেলফি উঠাও পৰিলক্ষিত হৈছে।নৈপৰীয়া এই পথাৰসমূহ এতিয়া সৰিয়হ খেতিৰে ভৰি পৰিছে।

জিলাখনৰ বিভিন্ন স্থানত প্ৰায়  ৩৬ হাজাৰ হেক্টৰ কৃষিভূমিত সৰিয়হৰ খেতি কৰা হয়। নৈপৰীয়া অঞ্চলৰ বাহিৰেও আনকেইবাটাও অঞ্চলতো সৰিয়হ খেতি কৰা হয়। জিলাখনৰ কুঠৰী, দ্বাৰবাগৰিৰ পৰা আৰম্ভ কৰি কেৰিবাকৰি, হাতীমুৰা, শিলঘাট, ভূৰবন্ধা, ডুমডুমীয়া, ধিং আদি ব্ৰহ্মপুত্ৰৰ পাৰৰ ঠাইসমূহ, মিছা, চামগুৰিৰ পৰা শেনছোৱা, ৰহা আদি কলং নৈৰ পাৰৰ ঠাইসমূহত সৰিয়হ খেতি কৰিছে কৃষকসকলে। একেদৰে কপিলী বৰপানীপৰীয়া কৃষকসকলে কচুৱা, বৰবিল, আমডুবি শিঙিমাৰী, মাধৱপাৰা আদি অঞ্চলত কৰিছে সৰিয়হৰ খেতি। অঞ্চলৰ সেউজ অসমী বৰপানীপৰীয়া যুটীয়া কৃষিপাম সমবায় সমিতিয়েও সৰিয়হ খেতি কৰিছে। প্ৰতিবছৰে সমিতিখনে সৰিয়হ খেতি কৰি লাভৱান হৈ আহিছে। জিলাখনৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম অঞ্চলৰ এক বিস্তীৰ্ণ এলেকাত কৃষকে সৰিয়হৰ খেতি কৰিছে।

জানিব পৰা মতে, সোণাই নৈৰ পাৰৰ চাবুকধৰা, ম’হগ্ৰাম বড়ি, নিজলোঙামুখ, হানিমৰা ঘাট, ভোমোৰাগুৰি, চোৱাতবড়ি, ঘুমটি গাঁও, ভকত গাঁৱকে ধৰি বহুকেইখন গাঁৱৰ দুই শতাধিক কৃষক এতিয়া সৰিয়হ খেতিত ব্যস্ত। সোণাই নৈ পাৰৰ ৩০০ৰো অধিক বিঘা বিস্তীৰ্ণ ভূমিত কৃষকে সৰিয়হ খেতি কৰিছে। চৰকাৰী সাহায্য নোহোৱাকৈ অতি কষ্টেৰে এই কৃষকসকলে হাল বাই সৰিয়হ খেতি কৰিছে। জিলাখনৰ সৰিয়হৰ খেতি কৰা কৃষকসকলে আশা প্ৰকাশ কৰিছে যে সৰিয়হ খেতিৰ জৰিয়তে তেওঁলোক লাভৱান হ’ব। চৰকাৰী সাহায্য পালে অঞ্চলটোৰ কৃষকসকলে কৃষিকাৰ্য কৰি উপকৃত হোৱাৰ লগতে স্বাৱলম্বী হ’ব বুলি তেওঁলোকে মন্তব্য কৰে।

উল্লেখযোগ্য যে জিলাখনত সৰিয়হ খেতিৰ জৰিয়তে কৃষকসকলে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও কৃষকে উচিত মূল্য নাপায়।

বিশেষ বাৰ্তা, নগাঁও, ২৮ ডিচেম্বৰ :

You might also like