নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গোলকগঞ্জত গংগাধৰ নৈৰ তীব্ৰ গৰাখহনীয়া…

ধুবুৰী জিলাৰ গোলকগঞ্জত গংগাধৰ নৈৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাৰ সময়ত স্থানীয় বিধায়ক, সাংসদকে ধৰি বিভাগীয় আমোলাৰ ভূমিকাক লৈ ক্ষোভৰ সৃষ্টি হৈছে ভুক্তভোগীৰ মাজত।

জানিব পৰা মতে, গোলকগঞ্জ পৌৰসভা এলেকাৰ ১ আৰু ২ নং ৱাৰ্ডত আৰম্ভ হোৱা গংগাধৰ নৈৰ তীব্ৰ গৰখহনীয়াত অঞ্চল দুটাৰ কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ উপক্ৰম ঘটিছে। আনকি, গোলকগঞ্জৰ স্থানীয় কংগ্ৰেছ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰক বহু আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱা বুলি ক্ষোভ উজাৰে একাংশই। আনকি, বিষয়টো সন্দৰ্ভত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

নিৰ্বাচন আহিলেই বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটভিক্ষা কৰি নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিসকলে দিঠকত গৈ মূৰপোলোকা মৰা কাৰ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ ভূমিকাক লৈও উত্থাপন হৈছে প্ৰশ্ন।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৮ ডিচেম্বৰ

You might also like