নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তবলিগী জামাতত অংশ লোৱা সদস্যৰ পৰিয়ালক সৰুসজাইত কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ অসমৰ পৰা গৈ দিল্লীৰ তবলিগী জামাতত অংশ লোৱা লোকসকলৰ পৰিয়ালবৰ্গক বৃহস্পতিবাৰে নিশা জৰুৰীকালীন ভাৱে কোৱাৰেন্টাইন কৰা হয় । ইয়াৰে নিজামুদ্দিনৰ জামাতৰ পৰা অহা মৰিগাঁৱৰ চাৰিজন আৰু নলবাৰীৰ এজনৰ সংস্পৰ্শলৈ অহা মুঠ ৭৫ জনকৈ লোকক আজি নিশা সৰুসজাই ক্ৰীড়া প্ৰকল্পলৈ অনা হয় ।

এইলোকসকলৰ মাজৰ পৰা ভয় দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।

ইপিনে এই লোকসকলক শুকুৰবাৰৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰা হ’ব আৰু সেই পৰীক্ষাৰ অন্তত  তেওঁলোকৰ দেহত ক’ৰোনা পজিটিভ পোৱা যায়, তেতিয়া তেওঁলোকক শীঘ্ৰে মেডিকেল বা জিলা চিকিৎসালয়লৈ নিয়া হ’ব বুলি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।

You might also like