এলপিজিৰ পৰা ইউপিআইলৈ…. আজিৰে পৰা কাৰ্যকৰী ৫টা নতুন নিয়ম
নতুন বছৰৰ আৰম্ভণিৰ সৈতে এই নিয়মসমূহ বুজি লৈ সেই অনুসাৰে আৰ্থিক পৰিকল্পনা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে
নতুন বছৰ ২০২৬ৰ আৰম্ভণিতে সাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ নিয়মত পৰিৱৰ্তন আহিছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিব। এই পৰিৱৰ্তনসমূহৰ ভিতৰত এলপিজি গেছৰ দামৰ পৰা আৰম্ভ কৰি গাড়ীৰ মূল্য, বেংকিং নিয়ম, ইউপিআই, ছিম ভেৰিফিকেশ্বন আৰু চৰকাৰী আঁচনি আদি অন্তৰ্ভুক্ত। নতুন বছৰে এফালে নতুন আশা কঢ়িয়াই আনিছে যদিও আনফালে কিছুমান সিদ্ধান্তৰ ফলত খৰচ বৃদ্ধি পাইছে।
মহঙা হ’ল এলপিজি চিলিণ্ডাৰ
১ জানুৱাৰী ২০২৬ৰ পৰা ১৯ কেজিৰ কমাৰ্চিয়েল এলপিজি গেছ চিলিণ্ডাৰৰ দামত ১১১ টকালৈকে বৃদ্ধি কৰা হৈছে। দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ১৫৮০.৫০ টকাৰ পৰা বৃদ্ধি পাই ১৬৯১.৫০ টকা হৈছে। কলকাতাত ১৬৮৪ টকাৰ পৰা ১৭৯৫ টকা, চেন্নাইত ১৭৩৯.৫০ টকাৰ পৰা ১৮৪৯.৫০ টকা আৰু মুম্বাইত ১৫৩১.৫০ টকাৰ পৰা ১৬৪২.৫০ টকালৈ দাম বৃদ্ধি পাইছে। ইয়াৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু সৰু ব্যৱসায়ীৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
গাড়ী ৰ দাম বৃদ্ধি
নতুন বছৰৰ সৈতে গাড়ী ক্ৰয়ো অধিক ব্যয়বহুল হৈ পৰিছে। ১ জানুৱাৰী ২০২৬ৰ পৰা বহু অটোমোবাইল কোম্পানীয়ে গাড়ীৰ দাম বৃদ্ধি কৰিছে। বিএমডব্লিউ, ৰেনল্ট আৰু নিছানে নিজৰ গাড়ীৰ দাম ৩,০০০ টকাৰ পৰা ৩ শতাংশলৈকে বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। হোণ্ডা আৰু টাটা মটৰ্ছেও মূল্য বৃদ্ধি কৰাৰ সংকেত দিছে, ফলত ২০২৬ মডেলৰ গাড়ীসমূহ আগৰ বছৰৰ তুলনাত অধিক মহঙা হ’ব।
বেংকিঙত পৰিৱৰ্তন
বেংকিং আৰু ডিজিটেল লেনদেনৰ নিয়মতো পৰিৱৰ্তন কাৰ্যকৰী হৈছে। ১ জানুৱাৰী ২০২৬ৰ পৰা ইউপিআই আৰু অন্যান্য ডিজিটেল লেনদেনৰ নিয়ম অধিক কঠোৰ কৰা হৈছে, যাতে অনলাইন প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ লগতে ছিম কাৰ্ড ভেৰিফিকেচনৰ প্ৰক্ৰিয়াও অধিক কঠোৰ কৰা হৈছে। ভাল খবৰটো হ’ল— এইচডিএফচি বেংক, এছবিআই আৰু পিএনবি আদি বেংকে ঋণৰ সুতৰ হাৰত হ্ৰাসৰ ঘোষণা কৰিছে, যি নতুন বছৰৰ পৰা কাৰ্যকৰী হৈছে।
পিএম কিষাণ সন্মান নিধি আঁচনি
পিএম কিষাণ সন্মান নিধি আঁচনিতো কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। উত্তৰ প্ৰদেশ আদি ৰাজ্যত এতিয়া এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ইউনিক কৃষক আইডি বাধ্যতামূলক কৰা হৈছে। লগতে, যদি বনৰীয়া জন্তুৱে শস্য নষ্ট কৰে আৰু ৭২ ঘণ্টাৰ ভিতৰত তাৰ অভিযোগ দাখিল কৰা হয়, তেন্তে সেই ক্ষতিৰ ক্ষতিপূৰণো আঁচনিৰ অধীনত লাভ কৰিব পৰা যাব।
অষ্টম দৰমহা আয়োগ
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে নতুন বছৰটো গুৰুত্বপূৰ্ণ হৈ উঠিছে। সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল ৩১ ডিচেম্বৰ ২০২৫ত শেষ হোৱাৰ পাছত ১ জানুৱাৰী ২০২৬ৰ পৰা অষ্টম দৰমহা আয়োগ আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছে। বহুদিনৰ পৰা ইয়াৰ অপেক্ষা চলি আছিল, কিয়নো ইয়াৰ জৰিয়তে দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ আশা আছে।
অৱশ্যে বিশেষজ্ঞসকলৰ মতে, এতিয়ালৈকে ইয়াৰ প্ৰভাৱ কেৱল নথিভুক্ত প্ৰক্ৰিয়াত সীমাবদ্ধ থাকিব। অৰ্থাৎ দৰমহা আৰু ভাট্টাৰ নৱ গঠন নথিভুক্ত কৰা হ’ব যদিও বাস্তৱিকভাৱে বৃদ্ধি পোৱা দৰমহা আৰু এৰিয়াৰ লাভ কৰিবলৈ কিছু সময় লাগিব পাৰে। চৰকাৰৰ চূড়ান্ত অধিসূচনা জাৰি হোৱাৰ পাছতেই কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে সুবিধা লাভ কৰিব।
সামগ্ৰিকভাৱে, ১ জানুৱাৰী ২০২৬ৰ পৰা কাৰ্যকৰী হোৱা এই পৰিৱৰ্তনসমূহে কিছুমান ক্ষেত্ৰত সকাহ আনিলেও বহু দিশত সাধাৰণ মানুহৰ খৰচ বৃদ্ধি কৰিব। সেয়েহে নতুন বছৰৰ আৰম্ভণিৰ সৈতে এই নিয়মসমূহ বুজি লৈ সেই অনুসাৰে আৰ্থিক পৰিকল্পনা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী