নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বছৰটোত সুখ–সমৃদ্ধি হওক : দ্রৌপদী মুর্মু

নিউজ ডেস্ক, ১ জানুৱাৰী : নৱবর্ষ-২০২৬ উপলক্ষে দেশৰ প্রতিগৰাকী নাগৰিকলৈ শুভেচ্ছা জনাইছে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ ৰাষ্ট্রপতি মুুর্মুৱে আগন্তুক নতুন বছৰটোৱে প্রতিগৰাকী ভাৰতীয়ৰ জীৱনলৈ সুখ–শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰিছে৷ ৰাষ্ট্রপতিগৰাকীয়ে এই নতুন বছৰটোৱে আমাৰ দেশখনক আৰু অধিক শক্তিশালী কৰি গঢ়ি তোলাৰ ক্ষেত্রত আমাৰ আটাইৰে যি দায়বদ্ধতা আৰু সংকল্প আছে, তাক অধিক শক্তিশালী কৰি তোলাত অৰিহণা যোগাব বুলি তেওঁ আশা কৰে৷

ৰাষ্ট্রপতিগৰাকীয়ে লগতে দেশৰ আৰু দেশৰ বাহিৰত থকা ভাৰতীয়সকলৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰি আমাৰ সামাজিক সম্প্রীতি আৰু পাৰিপার্শ্বিক সুৰক্ষাৰ প্রতি নাগৰিকৰ দায়িত্বৰ কথা সোঁৱৰাই দি আগন্তুক বছৰটোত প্রতিগৰাকী নাগৰিকে এইক্ষেত্রত হাত উজান দিয়াৰ বাবেও তেওঁ আহ্বান জনায়৷ তেওঁ আশা প্রকাশ কৰে- নতুন বছৰটোৱে আমাৰ প্রতিগৰাকী নাগৰিকৰ জীৱন তথা সামগ্রিকভাৱে দেশখনক সমৃদ্ধিশালী কৰি তোলাৰ বাট মুকলি কৰিব৷

শুভেচ্ছা বার্তাটোত ৰাষ্ট্রপতি মুর্মুৱে কয়- ‘নতুন বছৰৰ এই আনন্দময় ক্ষণত দেশখনৰ আৰু দেশৰ বাহিৰত থকা প্রতিগৰাকী ভাৰতীয়লৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ৷ নতুন বছৰে শক্তি আৰু ইতিবাচক পৰিৱর্তনক নতুনকৈ সজাই-পৰাই তোলক৷ ই আত্মপ্রতিফলন আৰু নতুন সিদ্ধান্তৰ এক সুযোগো৷ এই উপলক্ষে দেশৰ উন্নয়ন, সামাজিক সম্প্রীতি আৰু পাৰিপার্শ্বিক সুৰক্ষাৰ প্রতি আমাৰ আটাইৰে প্রতিশ্রুতিক আৰু অধিক শক্তিশালী কৰি তোলোঁ আহক৷ ২০২৬ নতুন বছৰটোৱে আমাৰ জীৱনলৈ কঢ়িয়াই আনক শান্তি, সুখ আৰু সমৃদ্ধি৷ বছৰটোৱে এখন শক্তিশালী আৰু অধিক সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে নতুন শক্তিৰ যোগান ধৰক৷

You might also like