নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্ৰুৱাৰীত মুকলি হ’ব গুৱাহাটী–উত্তৰ গুৱাহাটী দলং 

ৰাজ্যত যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰি আছে। ইয়াৰ অংশ হিচাপে গুৱাহাটী–উত্তৰ গুৱাহাটী আৰু ধুবুৰী–ফুলবাৰী দলংসহ মুঠ চাৰিখন নতুন দলঙৰ নিৰ্মাণৰ কাম বৰ্তমান জোৰদাৰভাৱে চলি আছে।

সূত্ৰ অনুসৰি, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণাধীন গুৱাহাটী–উত্তৰ গুৱাহাটী দলংখন ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব। এই দলং মুকলি হ’লে মহানগৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত অধিক সহজ আৰু দ্ৰুত হ’ব বুলি আশা কৰা হৈছে।

ইফালে, গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেদি নিৰ্মাণ হ’বলগীয়া দ্বৈত টানেল প্ৰকল্পটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি ৰে’লপথো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত এই প্ৰকল্পটো আৰু অধিক গুৰুত্বপূৰ্ণ ৰূপ লাভ কৰিছে। নতুন পৰিকল্পনা অনুসৰি প্ৰকল্পটোৰ মুঠ ব্যয় ২০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

চৰকাৰে জনোৱা মতে, এই বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে অসম তথা উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশ, পৰ্যটন আৰু বাণিজ্যিক সংযোগত নতুন দিশ উন্মোচিত হ’ব।

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like