নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰে খেলি বছৰটোৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে

আলহী দল নিউজিলেণ্ডৰ বিপক্ষে খেলি বছৰটো আৰম্ভণি কৰিব টীম ইণ্ডিয়াই৷ ২০২৬ বর্ষৰ টীম ইণ্ডিয়াৰ ক্রিকেট সূচী ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ২০২৬ বর্ষটো ভাৰতীয় ক্রিকেট দলটোৰ বাবে কিছু প্রত্যাহ্বানমূলক হিচাপে বিবেচিত হৈছে৷

বর্ষটোত টীম ইণ্ডিয়াই টি–২০ বিশ্বকাপ অক্ষুণ্ণ ৰখাৰ যুঁজত নমাৰ লগতে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ দৰে শক্তিশালী দলৰ বিপক্ষে শৃংখলাত অৱতীর্ণ হ’ব৷ টীম ইণ্ডিয়াই অহা ১১ জানুৱাৰীৰ পৰা আলহী দল নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত অংশগ্রহণ কৰি বছৰটোৰ অভিযান আৰম্ভ কৰিব৷

এদিনীয়া শৃংখলাটো সমাপ্তিৰ পিছতে ভাৰতীয় দলটোৱে কিৱি দলটোৰে ৫খন টি–২০ মেচৰ শৃংখলাত ভাগ ল’ব৷ ৩১ জানুৱাৰীত এই শৃংখলাটো সমাপ্তিৰ পিছত ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপ৷

৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৭ ফেব্রুৱাৰীত ইউএছএৰ বিপক্ষে খেলি অভিযান আৰম্ভ কৰিব৷ বিশ্বকাপ সমাপ্তিৰ পিছতে অর্থাৎ এপ্রিল–মে’ত দেশত আৰম্ভ হ’ব বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ আইপিএল৷

ইপিনে, জুনত তিনিখন এদিনীয়া আৰু এখন টেষ্টত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব আফগানিস্তান৷ এই শৃংখলাটো সমাপ্তিৰ পিছতে বিদেশ ভ্রমণ কৰিব টীম ইণ্ডিয়াই৷ ১–১৯ জুলাইত টীম ইণ্ডিয়াই ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে ৫খন টি–২০ আৰু তিনিখন এদিনীয়া মেচত ভাগ ল’ব৷

ইংলেণ্ড ভ্রমণ সামৰি আগষ্টত দুখন টেষ্টত অংশ লোৱাৰ উদ্দেশ্যে শ্রীলংকা ভ্রমণ কৰিব ভাৰতে৷ ছেপ্টেম্বৰত ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখন টি–২০ মেচ অনুষ্ঠিত হোৱাৰ পিছত ছেপ্টেম্বৰত জাপানত অনুষ্ঠিত হ’ব এছিয়ান গেমছ৷

আনহাতে, ছেপ্টেম্বৰতে তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণ কৰিব ৱেষ্ট ইণ্ডিজে৷ অক্টোবৰ–নৱেম্বৰত দুখন টেষ্ট আৰু তিনিখন এদিনীয়াত অংশগ্রহণ কৰাৰ উদ্দেশ্যে নিউজিলেণ্ড ভ্রমণ কৰিব ভাৰতীয় দলটোৱে৷ এই ভ্রমণ সমাপ্তিৰ পিছত পুনৰ স্বদেশলৈ উভতি আহি শ্রীলংকাৰে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচত ভাগ ল’ব ঘৰুৱা দল টীম ইণ্ডিয়াই৷

ডিজিটেল ডেস্ক, ২ জানুৱাৰী

You might also like