বাৰেৰহণীয়া কলাকৃষ্টি প্ৰদৰ্শন : লোকাৰণ্য চানডুবি মহোৎসৱ
অসমৰ অন্যতম পৰ্যটন তথা ঐতিহাসিক প্ৰাকৃতিক ক্ষেত্ৰ চানডুবিৰ মনোৰম উপত্যকাত কালিৰে পৰা বাৰেৰহণীয়া কাৰ্যসুচীৰে আৰম্ভ হোৱা চানডুবি মহোৎসৱত আজি দ্বিতীয় দিনাও লোকে লোকাৰণ্য হৈ পৰে৷
পলাশবাৰী বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত অনুপম প্ৰাকৃতিক প্ৰাচুৰ্য্যৰে ভৰপূৰ ক্ষেত্ৰখনৰ স্বকীয়তা অটুট ৰখাৰ লগতে নৃগোষ্ঠীয় লোককৃষ্টি তথা থলুৱা পৰম্পৰাৰ সমাহাৰৰ জৰিয়তে উল্লেখণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজিত মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷
নিজ ভাষণত বিজেপিৰ যুৱনেতা গৰাকীয়ে প্ৰকৃতিপ্ৰদত্ত বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ লগতে নৃগোষ্ঠীয় কলা কৃষ্টি তথা লোকচাৰ সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াই ৷ তদুপৰি ৰাজ্যৰ উল্লেখনীয় পৰ্যটন ক্ষেত্ৰখনক বিশ্বমুখী কৰাৰ হেতু কেৱল উৎসৱ উদযাপন সমিতিয়ে নহয় সকলো ৰাইজে দায়বদ্ধ হ’ব লাগিব বুলিও কয় তেওঁ ৷
এইক্ষেত্ৰত তেওঁ নিজেও চানডুবিৰ ঐতিহ্য সংৰক্ষণ তথা এক অনন্য মাত্ৰাৰে দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ হেতু সহযোগিতা আগবঢ়াব বুলিও তেওঁ দোহাৰে বৈশ্যই৷ আনহাতে, উৎসৱথলীত শিল্পকলা তথা থলুৱা পৰম্পৰাগত খাদ্য ব্যঞ্জন প্ৰদৰ্শনৰ দিহা কৰা হয়৷
আনকি লোকে লোকাৰণ্য হৈ পৰা উৎসৱথলীত হানাঘোঁৰা, বিহুনাচ, ৱাংগালা, ঝুমুৰ, বগেজাৰীকে ধৰি বাৰেৰহণীয়া দৃষ্টিনন্দন লোককৃষ্টিৰ প্ৰদৰ্শনত শীতৰ সেমেকা চানডুবিৰ সেউজীয়া পৰিৱেশ উমাল হৈ পৰে ৷
নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ২ জানুৱাৰী