নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও-নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাত পৰিভ্ৰমী চৰাইৰ জলকেলি

বছৰৰ আৰম্ভণিতে প্ৰকৃতিপ্ৰেমী ৰাইজৰ বাবে এটা ভাল খবৰ। আপুনি পৰিভ্ৰমী চৰাই চাই ভাল পায় নেকি। তেতিয়াহ’লে আৰু এতিয়া যাব নালাগে বেলেগ ঠাইলৈ। এতিয়াৰ পৰা আপুনি ৰূপহীহাটৰ নগাঁও-নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাস্থিত জলাশয়সমূহত চাব পাৰিব বিভিন্ন পৰিভ্ৰমী চৰাই। লাখ লাখ চৰাইৰ জলকেলিত আপোনাৰ মন উৎফুল্লিত হৈ পৰিব।

বহু দূৰ-দূৰণিৰ পৰা শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ চৰাই আহি ঔঅনাৰ জলাশয়সমূহত জলকেলিৰে চৌপাশ মুখৰিত কৰি তুলিছে। নগাঁও-নলতলি ৰাজ্যিক ঘাইপথত পথচাৰীসকলে পৰিভ্ৰমী চৰাইৰ জলকেলিৰ মনোমোহা সৌন্দর্য পথৰ কাষৰ পৰা উপভোগ কৰিছে। পথচাৰীসকলে নিজৰ মোবাইলত বন্দী কৰিছে পৰিভ্ৰমী চৰাইৰ জলকেলিৰ মনোমোহা দৃশ্য। প্ৰকৃতিপ্ৰেমী ৰাইজে বন বিভাগক এই ঠাইখিনিৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৩ জানুৱাৰী :

You might also like