নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত পশুৰ খাদ্য-সামগ্ৰী বিতৰণ

সাংবাদিকক প্ৰদান কৰা হ'ব ক'ৰোনা প্ৰতিৰোধী কিট

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোডীয়ে দেশজুৰি ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে স্তব্ধ হৈ পৰিছে
গুৱাহাটী মহানগৰী। লকডাউনৰ সময়ছোৱাত সাধাৰণ জনতাৰ লগতে পোহনীয়া জীৱ জন্তুৰ খাদ্য সামগ্ৰীৰ নাটনি হোৱা পৰিলক্ষিত হৈছে। জীৱ-জন্তুৰ খাদ্যৰ নাটনি হোৱাৰ সময়তে গুৱাহাটী প্ৰেছ ক্লাবে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে প্ৰেছ ক্লাবত সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু কাৰ্যনিৰ্বাহক সদস্য কিশোৰজ্যোতি শৰ্মাক লগত লৈ সন্তোষ মাহাতো আৰু ভাৰ্গৱ ডেকাৰ উপস্থিতিত পশু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত গৌতম বৰুৱা, মালা মহন্ত, কৰীশ্মা হাচনাট, আম্বিয়া জামান আৰু উৰ্মি বৰুৱাকে ধৰি কেইবাজনো লোকে এই সামগ্ৰীসমূহ সংগ্ৰহ কৰে। উল্লেখ্য যে গুৱাহাটীত কৰ্মত সাংবাদিকসকলৰ  সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক, ছেনিটাইজাৰ আৰু মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ এটাকৈ কিট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়াৰপট অথৰিটী অৱ ইণ্ডিয়াৰ উত্তৰ-পূব শাখাৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবে এই সামগ্ৰীসমূহ বিতৰণ কৰিব বুলি সভাপতি মনোজ কুমাপ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে জানিবলৈ দিছে।

You might also like