নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যাসকুছি সত্রত ভট্টদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ

সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্গত ব্যাসকুছি সত্রৰ সামাজিক-সাংস্কৃতিক আৰু সর্বদিশৰ তত্ত্বাৱধায়ক ভট্টদেৱ মিলন সমিতিৰ পৰিচালনা আৰু গাঁওবাসীৰ সহযোগত মহাপুৰুষ শ্রীশ্রী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যদেৱৰ (ভট্টদেৱ) ৩৮৮সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৯ জানুৱাৰীৰ পৰা সাতদিনীয়া বিস্তৃত আৰু বর্ণাঢ্য কার্যসূচীৰে উদযাপনৰ পূর্ণ প্রস্তুতি আৰম্ভ হৈছে৷ গগন তালুকদাৰ সভাপতি, ধীৰাজ ডেকা উপ–সভাপতি, নানেন্দ্র বর্মন সাধাৰণ সম্পাদক আৰু মহেন্দ্র বৈশ্যক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত ২৩জনীয়া সভা পৰিচালনা সমিতিয়ে পূর্ণোদ্যমে সভা মহোৎসৱৰ যাৱতীয় কাম–কাজ আগবঢ়াই নিছে৷

সভা মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কার্যসূচী হাতত লোৱা হৈছে৷ সেইমর্মে সভা মহোৎসৱ প্রথম দিনা গন্ধোৎসৱ পর্বৰে আৰম্ভ হ’ব৷ সেইদিনা বাসুদেৱ বিগ্রহ পৰিভ্রমণ আৰু সন্ধিয়া ঢুলীয়া প্রদর্শন৷ তাৰ পিছত দ্বিতীয় দিনাৰ পৰা অন্তিম দিনালৈকে কার্যসূচী অনুসৰি প্রভাত ফেৰী, ভাগৱত শোভাযাত্রা, নাম–প্রসংগ, ভট্টদেৱ সোঁৱৰণী আলোচনা–চক্রৰ লগতে চিত্রাংকন, কুইজ, তর্ক প্রতিযোগিতাৰ লগতে অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা, দিহানাম প্রতিযোগিতা আৰু অসমীয়া গীতৰ আধাৰত সৃজনীমূলক নৃত্য প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷

গুৰুজনাৰ সৃষ্টি নৱপ্রজন্মৰ মাজত প্রসাৰৰ বাবে তেৰাৰ জীৱনৰ আধাৰত বক্তৃতা প্রতিযোগিতাৰো আয়োজন কৰা হৈছে৷ তাৰ সমান্তৰালভাৱে ৰাজতিলক থিয়েটাৰৰ নাট প্রদর্শন, যাত্রাপার্টী, ঢুলীয়া প্রদর্শন, ব্যাসকুছি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বাৰেবৰণীয়া অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব৷ সভা মহোৎসৱত সমূহ ভক্তবৃন্দৰ লগতে অসমবাসী ৰাইজৰ সহায়–সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷

You might also like