নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহৰুৰ ভুল আছে, পিছে সকলোতে জগৰীয়া কৰাটো অন্যায় : শশী থাৰুৰ

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে এক গুৰুত্বপূৰ্ণ আৰু স্পষ্ট মন্তব্য আগবঢ়াইছে। বৃহস্পতিবাৰে (৮ জানুৱাৰী, ২০২৬) কেৰালা বিধানসভাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱত ভাষণ দি শশী থাৰুৰে কয় যে তেওঁ জৱাহৰলাল নেহৰুৰ অনুৰাগী হ’লেও তেওঁৰ সকলো নীতি আৰু সিদ্ধান্তক অন্ধভাৱে সমৰ্থন নকৰে।

থাৰুৰে কয় যে নেহৰুৱেই দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। একে সময়তে তেওঁ এইটোও স্পষ্ট কৰে যে নেহৰুৰ কাৰ্যকালত লোৱা কিছুমান সিদ্ধান্ত ভুল আছিল বুলি স্বীকাৰ কৰাটো প্ৰয়োজন। কিন্তু সকলো সমস্যাৰ বাবে কেৱল নেহৰুকেই জগৰীয়া কৰাটো সঠিক নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে।

শশী থাৰুৰৰ মতে, নেহৰুৱে কিছুমান ক্ষেত্ৰত ভুল সিদ্ধান্ত লৈছিল বুলি ক’ব পাৰি, কিন্তু তাৰ বাবে তেওঁক সকলো কথাৰ দায়িত্ব দিয়াটো অন্যায়। তেওঁ কয়, “ইতিহাসক সমগ্ৰ ৰূপত বিচাৰ কৰিব লাগে, কেৱল এজন ব্যক্তিক বলিৰ ছাগলী বনোৱাটো উচিত নহয়।”

বিজেপি চৰকাৰৰ প্ৰতি ইঙ্গিত কৰি থাৰুৰে কয় যে বৰ্তমানৰ শাসক দল নেহৰুবিৰোধী মনোভাৱত চলিছে। তেওঁলোকৰ প্ৰায় সকলো ৰাজনৈতিক বৰ্ণনাত নেহৰুক দোষাৰোপ কৰা দেখা যায়। থাৰুৰে কয় যে কিছুমান ক্ষেত্ৰত নেহৰুক জগৰীয়া কৰাটো যুক্তিসংগত হ’ব পাৰে, কিয়নো সেইবোৰ সিদ্ধান্ত নেহৰুৱেই লৈছিল। কিন্তু সকলো সমস্যাৰ বাবে নেহৰুকেই দোষ দিয়াটো ভুল আৰু একপক্ষীয় দৃষ্টিভংগী।

শশী থাৰুৰে স্পষ্ট ভাষাত কয়, “মই জৱাহৰলাল নেহৰুৰ অনুৰাগী, কিন্তু তেওঁৰ অন্ধভক্ত নহয়। তেওঁৰ দৃষ্টিভংগী, বৌদ্ধিকতা আৰু আধুনিক চিন্তাধাৰাক মই গভীৰভাৱে সন্মান কৰো। তথাপিও মই তেওঁৰ সকলো মতামত আৰু নীতিক ১০০ শতাংশ সমৰ্থন নকৰো।”

তেওঁ লগতে কয় যে নেহৰুৱে এনে বহু কাম কৰিছে, যাৰ বাবে তেওঁক যিমানেই প্ৰশংসা কৰা হওক, সেয়া কমেই হ’ব। বিশেষকৈ ভাৰতত গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত নেহৰুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। “ভাৰতত গণতন্ত্ৰ স্থাপন কৰা সেইজনেই আছিল জৱাহৰলাল নেহৰু,” থাৰুৰে কয়।

শেষত শশী থাৰুৰে কয় যে তেওঁ বিজেপি চৰকাৰক গণতন্ত্ৰবিৰোধী বুলি ক’ব নোৱাৰে, কিন্তু তেওঁলোক স্পষ্টভাৱে নেহৰুবিৰোধী। বৰ্তমানৰ ৰাজনীতিত নেহৰু একপ্ৰকাৰ বলিৰ ছাগলী হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে।

এই মন্তব্যৰ পাছতে দেশৰ ৰাজনৈতিক মহলত নেহৰুৰ ঐতিহাসিক ভূমিকা আৰু বৰ্তমানৰ ৰাজনৈতিক বৰ্ণনাক লৈ নতুন আলোচনা আৰম্ভ হৈছে।

ডিজিটেল ডেস্ক, ৯ জানুৱাৰী

You might also like